গৌৰৱোজ্জ্বল ইতিহাসেৰে ৭৫ বছৰত প্ৰৱেশ কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়। প্ৰতিষ্ঠা দিৱসৰ দিনটোত নানাৰঙী আলোকসজ্জাৰে আলোকিত বিশ্ববিদ্যালয় চৌহদ। ১৯৪৮ চনৰ ২৬ জানুৱাৰীত প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়খনে আজি অৰ্থাৎ ২৬ জানুৱাৰী তাৰিখে পঞ্চসপ্ততিতম প্ৰতিষ্ঠা দিৱস পালন কৰিব। প্ৰতিষ্ঠা দিৱসৰ প্ৰাকক্ষণত নিশা সমগ্ৰ বিশ্ববিদ্যালয়খনক নানাৰঙী আলোকসজ্জাৰে সজাই তোলাই হৈছে যাৰবাবে বিশ্ববিদ্যালখনত বিৰাজ কৰিছে এক নান্দনিক পৰিৱেশে।
উল্লেখ্য যে, বিশ্ববিদ্যালয়খনৰ বিৰিঞ্চিকুমাৰ বৰুৱা প্ৰেক্ষাগৃহত দিনৰ ১:৪৫ বজাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথিৰূপে উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড৹ ননীগোপাল মহন্ত।
আনহাতে, আজি অনুষ্ঠিত হ’বলগীয়া পঞ্চসপ্ততিতম প্ৰতিষ্ঠা দিৱসক লৈ শিক্ষক, কৰ্মচাৰী তথা ছাত্ৰসমাজৰ মাজত এক উৎসৱমুখৰ পৰিৱেশো বিৰাজ কৰিছে।