গুৱাহাটী মহানগৰবাসীয়ে সন্মুখীন হৈ অহা সমস্যা সমাধানৰ বাবে বিজেপিয়ে গ্ৰহণ কৰিব সকলো ধৰণৰ ব্যৱস্থা। গুৱাহাটীৰ শ্ৰীবৃদ্ধি কৰিবলৈ বিজেপিয়ে গ্ৰহণ কৰিছে সংকল্প। সোমবাৰে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিয়ে উন্মোচন কৰিলে সংকল্প পত্ৰ। এই সংকল্প পত্ৰত বিজেপিয়ে মহানগৰবাসীক দিলে বহু কেইটা প্ৰতিশ্ৰুতি।
এজাক পাতলিয়া বৰষুণতে বানপানীৰ সৃষ্টি হোৱা গুৱাহাটী মহানগৰবাসীক কৃত্ৰিম বানৰ পৰা ৰক্ষা কৰিবলৈ বিজেপি চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি কয় যে, গুৱাহাটীৰ নলা-নৰ্দমাৰ পৰা মাটি কাটি উলিওৱা হৈছে। কৃত্ৰিম বান সমস্যা সমাধানৰ কাম চলি আছে। স্বাস্থ্যখণ্ডৰ বিষয়ে তেওঁ কয় যে, গুৱাহাটীৰ ৬০টা ৱাৰ্ডতে নিৰ্মাণ কৰা হ’ব চিকিৎসালয়। এই সন্দৰ্ভত চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, ভূমিৰ অধিকাৰৰ পৰা বঞ্চিতসকলক বসুন্ধৰাৰ দ্বিতীয় লপৰ্যায়ৰ জৰিয়তে ভূমিৰ অধিকাৰ প্ৰদান কৰা হ’ব। তেওঁ কয় য, দেৱোত্তৰ বোৰ্ড, চৰকাৰী ভূমি, গোশালা আদিত বাস কৰি অহা লোকসকলক ভূমিৰ অধিকাৰ দিয়া হ’ব। তেওঁ কয়, ১০ মে’ৰ পৰা গুৱাহাটীত ভূমি ক্ৰয় কৰিলে এদিনতে নামজাৰি কৰা হ’ব। মানুহে ইয়াৰ বাবে চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ যাব নালাগে। ছফ্টৱেৰৰ জৰিয়তেই এই সকলো কাম হৈ যাব।
গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডতে চিকিৎসালয় নিৰ্মাণৰ বাবে পৰিকল্পনা ল'বলৈ চৰকাৰে সিদ্ধান্ত লৈছে৷ খানাপাৰাৰ পৰা বিমানবন্দৰলৈ যাত্ৰীবাহী ৰোপ-ৱে' নিৰ্মাণৰ উদ্দেশ্যে ইতিমধ্যে পৰামৰ্শদাতা প্ৰতিষ্ঠান নিয়োগ কৰা হৈছে৷ লগতে নতুনকৈ ৬০ হাজাৰ পৰিয়ালক অৰুণোদয় আঁচনিৰ দ্বাৰা সামৰি লোৱা হ'ব৷ ৪/৪ pic.twitter.com/3UNTHOOuCE
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) April 11, 2022
গুৱাহাটীবাসীয়ে দীৰ্ঘদিন ধৰি ভূগি আহিছে খোৱা পানীৰ সমস্যাত। মহানগৰবাসীৰ খোৱা পানী সমস্যা দূৰ কৰিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই অনুষ্ঠানত উল্লেখ কৰিছে। তেওঁ কৈছে, গুৱাহাটীবাসীক ২৪ ঘণ্টাই পানী যোগান ধৰাটো বিজেপিৰ সংকল্প। তেওঁ কোৱা মতে আগন্তুক জুন মাহৰ পৰা জাইকা প্ৰকল্প কাৰ্যক্ষম হ’ব। ইয়াৰ ফলত মহানগৰবাসীৰ খোৱা পানীৰ সমস্যা দূৰ হ’ব। তেওঁ কোৱা মতে, জুন মাহৰ পৰা প্ৰতি মাহে ৫ হাজাৰৰ পৰা ৮ হাজাৰ পৰিয়ালক জাইকাই পানী যোগান ধৰিব।
ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, সময়মতে পথ নিৰ্মাণ, উৰণীয়া সেতু নিৰ্মাণৰ কাম শেষ কৰিবলৈ বিজেপি সংকল্পবদ্ধ বুলি উল্লেখ কৰে। তেওঁ মেট্ৰ’ লাইট, মেট্ৰ’ ৰে’লৰ প্ৰকল্প, খানাপাৰাৰ পৰা বিমান বন্দৰলৈ পেচেঞ্জাৰ ৰোপ ৱে’ নিৰ্মাণৰ প্ৰচেষ্টা চলি আছে বুলিও উল্লেখ কৰিছে। বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত সংকল্প পত্ৰ উন্মোচনৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপৰিও বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাসহ কেইবাজনো জ্যেষ্ঠ মন্ত্ৰী, বিধায়কৰ লগতে দলটোৰ কাৰ্যকৰ্তা উপস্থিত থাকে।