নিউজ ডেস্কঃ প্ৰমোদ বড়োৰ আস্থা ভোটত জয়ী হোৱা প্ৰক্ৰিয়া অবৈধ বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰ আবেদন দাখিল কৰিছে হাগ্ৰামা মহিলাৰীয়ে ৷
যোৱা ২২ ডিচেম্বৰত সম্পন্ন হৈছিল আস্থা ভোট প্ৰক্ৰিয়া ৷
আস্থা ভোটত জয়ী হৈও আইনী মেৰপেঁচৰ পৰা ৰেহাই পোৱা নাই প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউ পি পি এল-বি জে পি চৰকাৰে ৷
আস্থা ভোটক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে প্ৰাক্তন বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী ৷
শুনানিত হাগ্ৰামা মহিলাৰীৰ হৈ অধিবক্তাই জনায় যে আস্থা ভোট প্ৰক্ৰিয়া অবৈধ প্ৰক্ৰিয়াৰে সম্পন্ন হৈছে ৷
ন্যায়ালয়ে জাৰি কৰা নীতি-নিৰ্দেশনা উলংঘা কৰা হৈছে এই প্ৰক্ৰিয়াত ৷
কিয়নো জগদীম্বা পাল বনাম উত্তৰ প্ৰদেশ চৰকাৰৰ গোচৰত উচ্চতম ন্যায়ালয়ে স্পষ্ট নিৰ্দেশনা জাৰি কৰিছিল যে যদি প্ৰতিদ্বন্দ্বিতা দুগৰাকী প্ৰাৰ্থীৰ মাজত হয় তেন্তে কম্প’জিট ফ্ল’ৰ টেষ্ট হ’ব আৰু বেলটৰ জৰিয়তে ভোটদান হ’ব ৷
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাতো উল্লেখ কৰা হৈছিল যে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ মাজত কম্প’জিট ফ্ল’ৰ টেষ্ট হ’ব ৷
ইয়াৰ পিছতো আস্থা ভোটৰ সময়ত আইন ভংগ কৰি হাগ্ৰামা মহিলাৰীক পৰ্যাপ্ত সুযোগ দিয়া নহ’ল বুলি অভিযোগ উত্থাপন কৰিছে আৰু এই প্ৰসংগ ন্যায়ালয়ৰ দৃষ্টি গোচৰ কৰি আস্থা ভোট অবৈধ বুলি যুক্তি প্ৰদৰ্শন কৰে অধিবক্তাই ৷
ইয়াৰ পিছতেই হাগ্ৰামা মহিলাৰীয়ে দাখিল কৰা আবেদনৰ শুনানি লৈ সমগ্ৰ বিষয় সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অচিন্ত্য মল্ল বুজৰবৰুৱাৰ এজনীয়া বিচাৰপীঠে অসম চৰকাৰ,বি টি চি পৰিষদসহ সোতৰটা চৰকাৰী পক্ষলৈ জাননী জাৰি কৰিছে ৷
ন্যায়ালয়ৰ এই জাননীৰ উত্তৰ চৰকাৰী পক্ষসমূহে তিনি সপ্তাহৰ ভিতৰত দিব লাগিব বুলি উল্লেখ কৰে ৷
ইয়াৰ উপৰিও হাগ্ৰামা মহিলাৰীয়ে আন এখন আবেদন (ইণ্টাৰলেক্টৰী এপ্লিকেচন) দাখিল কৰে আদালতত ৷
য’ত তেওঁ উল্লেখ কৰিছে, বি টি চি পৰিষদৰ পটেম অধ্যক্ষ আৰু সদস্য ক্ৰমে কাতিৰাম বড়ো, ওকিল মুছাহাৰী,ৰঞ্জিত মুছাহাৰী, ৰূপেন্দ্ৰ নাৰ্জাৰী আৰু অৰূপ কুমাৰ দে’ ক গোচৰত বিবাদী হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন জনায় ৷
সেই অনুসৰি মনোনীত সদস্যকেইগৰাকীক বিবাদী হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ অনুমতি দিয়ে ন্যায়ালয়ে ৷