• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

হাৰ্দিক পেটেলৰ কংগ্ৰেছ ত্যাগ – বিজেপিয়ে কেনেকৈ ঘূৰাব ভাগ্যৰ চকৰি!

নিউজ ডেস্ক by নিউজ ডেস্ক
May 20, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
হাৰ্দিক পেটেলৰ কংগ্ৰেছ ত্যাগ – বিজেপিয়ে কেনেকৈ ঘূৰাব ভাগ্যৰ চকৰি!
Share on FacebookShare on Twitter

 

“গুজৰাট কংগ্ৰেছত মোৰ অৱস্থা এজন দৰাৰ দৰে হৈছিল, যাক বিবাহৰ পিছতে নপুংসক কৰি দিয়া হৈছিল।”

“মই বিজেপিৰ ভাল কামবোৰ স্বীকাৰ কৰিছো। তেওঁলোকে কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰাই দিছিল, তেওঁলোকে এটা ৰাম মন্দিৰো নিৰ্মাণ কৰি আছে। আৰু বহু কিবাকিবি কৰি আছে”

আৰু কৈছে – “মই যোৱা তিনিটা বছৰত দেখিলো যে কংগ্ৰেছ দল কেৱল প্ৰতিবাদৰ ৰাজনীতিতে সীমাবদ্ধ হৈ থাকিল, দেশক এতিয়া এক বিকল্পৰ প্ৰয়োজন, যিয়ে আমাৰ আপোনাৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰিব, কেৱল বিৰোধী ৰাজনৈতিক দলৰ বিষয়ে চিন্তা কৰি থাকিলে নহ’ব। দেশক আগুৱাই নিয়াৰ সামৰ্থ্য ৰাখিব।”

এইবোৰ কথা যুৱ নেতা হাৰ্দিক পেটেলে কোনো ইণ্টাৰভিউট কোৱা কথা নহয়। চৰম ক্ষোভেৰে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীলৈ লিখা পদত্যাগ পত্ৰ লিখা কথা এইবোৰ।

এইজন হাৰ্দিক পেটেলে ২০১৯ চনত ছাত্ৰ ৰাজনীতিৰ পৰা ভৰি দিছিল কংগ্ৰেছত। দলেও আগবঢ়াই দিছিল গুৰুত্বপূৰ্ণ পদবী। ভাবিছিল জেএনইউ কঁপাই থৈ অহা ল’ৰা, গুজৰাটত মোদীৰ লেগেচী শেষ কৰি কংগ্ৰেছৰ নিচান উৰুৱাব। পিছে সেই হাৰ্দিকে গুজৰাট বিধানসভা নিৰ্বাচনলৈ মাজত মাথো ছমাহ থকা অৱস্থাত কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ পদৰ পৰা দিলে ইস্তাফা। কেৱল সেয়াই নহয় কংগ্ৰেছকো দিলে বিদায়। এগ্গালমান অভিযোগ ক্ষোভেৰে কংগ্ৰেছে আমুৱালে হাৰ্দিকক।

হাৰ্দিক পেটেলৰ পদত্যাগ হঠাতে হোৱা এক ঘটনা নহয়। এই নাটৰ চিত্ৰনাট্যৰ ৰচনা কেইবামাহ ধৰি চলি আছিল। বিভিন্ন সময়ত সেই নাটৰ কিছু কিছু মুহুৰ্ত্ত পেটেলে আগবঢ়াই দি আহিছিল। আজিৰ হেডলাইন৮ ছিম্প্লিফাইডত আমি গুজৰাটৰ ৰাজনীতিৰ এই ঘটনাটোৰ সৈতে জড়িত তিনিটা ডাঙৰ প্ৰশ্নৰ বিশ্লেষণ লৈ আহিছো।

1. কিয় কংগ্ৰেছ এৰিলে হাৰ্দিকে?
2015 চন। হাৰ্দিকে গুজৰাটত পাতিদাৰ সম্প্ৰদায়ৰ অভিযানৰ নেতৃত্ব ল’লে। অন্যান্য পিছপৰা শ্ৰেণীৰ অধীনত বিভিন্ন সংৰক্ষণৰ দাবীৰে হাৰ্দিক ৰাইজৰ মাজলৈ ওলাই আহিল। ইয়াৰ পিছত ২০১৯ চনত কংগ্ৰেছত যোগদান কৰিলে আৰু যোগদানৰ এবছৰৰ ভিতৰতে তেওঁক গুজৰাট কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হ’ল। কাৰ্যকৰী সভাপতি হিচাপে হাৰ্দিকৰ নিযুক্তিয়ে গুজৰাট কংগ্ৰেছৰ বহুজ্যেষ্ঠ নেতাৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিলে। আৰু আৰম্ভ হৈ গ’ল কংগ্ৰেছৰ চিৰাচৰিত অন্তৰ্কলহৰ কূটিল ৰাজনীতি।

দল এৰি যোৱাৰ কাৰণ বৰ্ণনা কৰি হাৰ্দিকে লিখিছিল, “যেতিয়াই মই দলৰ শীৰ্ষ নেতৃত্বক লগ পাইছিলো, মই অনুভৱ কৰিছিলো যে গুজৰাটৰ কংগ্ৰেছ দলৰ প্ৰথম গুৰুত্ব তেওঁলোকৰ মোবাইলটো আৰু আন বিভিন্ন তৰল কথাত। জনসাধাৰণৰ সমস্যাৰ বিষয়বোৰে তেওঁলোকৰ আলোচনাত স্থান নাপায়।”

হাৰ্দিকে বিগত ১৩ এপ্ৰিলতো এবাৰ কৈছিল যে তেওঁক দলটোত এৰি দিয়া হৈছে, বিষয়বাব দিয়া হৈছে। কিন্তু দলৰ নেতৃত্ব তেওঁৰ দক্ষতা ব্যৱহাৰ কৰিবলৈ ৰাজী নহয়। তেওঁ আনকি তেতিয়াও কৈছিল যে তেওঁ এজন নপুংসক দৰাৰ দৰে ৰখা হৈছে।
কেৱল সেয়াই নহয়, পাতিদাৰ নেতা নৰেশ পেটেলে কংগ্ৰেছত যোগদান কৰাক লৈ দলৰ মঁজিয়াত হোৱা বাক-বিতণ্ডাক লৈ হাৰ্দিক অসন্তুষ্ট হৈ পৰিছিল।

হাৰ্দিকৰ প্ৰস্থানৰ পিছতে বহুতো কংগ্ৰেছ নেতাই হাৰ্দিকক পলায়নবাদী বুলি ক’বলৈ কুণ্ঠাবোৰ কৰা নাই। বহুতে কৈছে যে হাৰ্দিকে ৰাজ্যসভাৰ আসন বিচাৰিছিল, কোনোৱে কৈছে হাৰ্দিকে গুজৰাট কংগ্ৰেছৰ সভাপতি হ’ব বিচাৰিছিল। সেয়া যি কি নহওঁক, নিৰ্বাচনৰ পূৰ্বে হাৰ্ডিকৰ প্ৰস্থানে গুজৰাট কংগ্ৰেছক আঘাত কৰাটো নিশ্চিত।

2. বিজেপি নেকি হাৰ্দিকৰ পৰৱৰ্তী লক্ষ্য
মে’ৰ প্ৰথম সপ্তাহত জামনগৰত এক অনুষ্ঠানৰ হাৰ্দিকক গুজৰাটৰ শিক্ষা মন্ত্ৰী জিতু বাঘানীৰ সৈতে একেখন মঞ্চত দেখা গৈছিল। এই অনুষ্ঠানৰ আয়োজক আছিল বিজেপি বিধায়ক হাকু জাদেজা।

এপ্ৰিলত, হাৰ্দিক পেটেলে এবাৰ কৈছিল যে তেওঁ বিজেপিয়ে লোৱা শেহতীয়া ৰাজনৈতিক সিদ্ধান্তবোৰক আদৰণি জনাইছে। গুজৰাটত বিজেপি শক্তিশালী বুলিও তেওঁ মন্তব্য কৰিছিল। বিজেপিৰ সিদ্ধান্ত লোৱাৰ সামৰ্থ্যকো প্ৰসংশা কৰিছিল হাৰ্দিকে।

হাৰ্দিকে নিজকে হিন্দুত্ববাদী নেতা বুলি ক’বলৈকো কুন্ঠা বোধ কৰা নাই। তেওঁ কৈছিল, “মই ৰঘুবংশী ৰাজবংশৰ। আমি হিন্দুসকলক ৰক্ষণাবেক্ষণ দিবলৈ সকলো প্ৰচেষ্টা কৰোঁ। মই এজন হিন্দু হিচাপে গৌৰৱান্বিত।

ইয়াৰ পিছত আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে হাৰ্দিকৰ কংগ্ৰেছ ত্যাগৰ আখৰা কেতিয়াৰ পৰা চলি আছিল আৰু কোনটো দলক সন্তুষ্ট কৰিবলৈ এনেবোৰ মন্তব্য কৰি থকা হৈছিল।

খবৰ ওলাইছে, হাৰ্দিকে বিগত দুমাহ ধৰি বিভিন্ন বিজেপি নেতাৰ সৈতে সঘন বৈঠকত বহিছে। শেহতীয়াকৈ বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বিএল সন্তোষৰ সৈতে এক বৈঠকতো মিলিত হৈছে।

সেইবোৰ বাদেই দিলো, আপুনি যদি হাৰ্দিকৰ পদত্যাগ পত্ৰখনৰ কিছুমান শব্দলৈ লক্ষ্য কৰে, দেখিব যে ইয়াৰ বিজেপি গমনৰ বিভিন্ন ইঙ্গিত আছে। হাৰ্দিকে লিখিছে, “অযোধ্যা মন্দিৰ, CAA-NRC, Article 370 বাতিল বা GST ৰূপায়ণৰ দৰে সিদ্ধান্তবোৰ, যিবোৰ দেশে দীৰ্ঘদিন ধৰি সমাধান বিচাৰি আছিল আৰু কংগ্ৰেছ দলে কেৱল ইয়াত বাধা হিচাপে কাম কৰিছিল।”

3. হাৰ্দিকৰ কংগ্ৰেছ ত্যাগৰ কিমান প্ৰভাৱ?
গুজৰাটৰ ৰাজনীতিত পাতিদাৰসকলে সদায় নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে। সৌৰাষ্ট্ৰ আৰু কচ্ছ অঞ্চলত পাতিদাৰ সম্প্ৰদায়ে এক নিৰ্ণায়ক ভূমিকা পালন কৰি আছে। সৌৰাষ্ট্ৰৰ 11 খন জিলাৰ উপৰিও চুৰাটৰ ভাল প্ৰভাৱ আছে।

ৰাজ্যখনৰ জনসংখ্যাৰ প্ৰায় 15% পাতিদাৰ। 25 টা বিধানসভাত পেটেলৰ সংখ্যা 20% বা তাতকৈও অধিক। গুজৰাট বিধানসভাৰ 182 খন আসনৰ ভিতৰত, প্ৰায় 70 খন আসনত তেওঁলোকৰ ভোটই তেওঁলোকৰ জয়-পৰাজয়ৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে।
এনে পৰিস্থিতিত, কংগ্ৰেছৰ বাবে আগবাঢ়ি যোৱাটো অধিক কঠিন হ’ব পাৰে। যদি হাৰ্দিক বিজেপিলৈ যায়, তেন্তে তেওঁ এটা শক্তিশালী দলৰ সমৰ্থন পাব, কিন্তু ইতিমধ্যে শক্তিশালী দলএটাত হাৰ্দিকে কিমান স্বাধীনতা পাব সেয়া এক ডাঙৰ প্ৰশ্ন হৈ থাকিব। পিছে যদিহে হাৰ্দিকে আম আদমী পাৰ্টিত যোগদান কৰিব বিচাৰে তেন্তে কা-এন আৰ চি, আৰ্টিকল ৩৭০, অযোধ্যা মন্দিৰৰ কথা কৈ এটা ভাল পদ পোৱাৰ এক কৌশল হ’ব পাৰে।

গুজৰাট বিধান সভা নিৰ্বাচনে ভাগ্যৰ চকৰী কেনেকৈ ঘুৰায়, সেয়া আমি চাম, দেশে চাব।

 

                                                                                                                               ৰংমন দাসৰ বিশেষ প্ৰতিবেদন

Previous Post

ফিফা ফুটবল বিশ্বকাপত থাকিব মহিলা ৰেফাৰী!

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

ৰাজীৱ ভৱনটো ভাড়ালৈ দিয়কঃ পীয়ুষ হাজৰিকা

ৰাজীৱ ভৱনটো ভাড়ালৈ দিয়কঃ পীয়ুষ হাজৰিকা

বিহাৰত প্ৰচণ্ড ধুমুহা! মৃত্যু ৩৩গৰাকীৰো অধিক

বিহাৰত প্ৰচণ্ড ধুমুহা! মৃত্যু ৩৩গৰাকীৰো অধিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8