মহানগৰীৰ জাৱৰ নিষ্কাষণ কেন্দ্র তথা ড্রাম্পিং গ্রাউণ্ড স্থাপন সন্দর্ভত আজি পৰ্যন্ত ৰাজ্য চৰকাৰে সঠিক স্থান নিৰূপণ কৰিব পৰা নাই৷ চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপনৰ বাবে প্রস্তুতি চলাইছিল যদিও স্থানীয় ৰাইজৰ প্রতিবাদত চৰকাৰে সেও মানি উক্ত স্থানত জাৱৰ নিষ্কাষণ প্রকল্প স্থাপন নকৰাৰ সিদ্ধান্ত গ্রহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত তথ্য দাখিল কৰে৷ কিন্তু বিকল্প হিচাপে কোন ঠাইত জাৱৰ নিষ্কাষণ কৰা হ’ব সেই ক্ষেত্রত ন্যায়ালয়ক চৰকাৰে সঠিক তথ্য দিব পৰা নাই৷ সেয়ে পৌৰ নিগম তথা চৰকাৰক ৪৫ দিনৰ সময়সীমা বান্ধি দি উচ্চ ন্যায়ালয়ে জাৱৰ নিষ্কাষণৰ ক্ষেত্রত প্রতিবেদন দাখিল কৰাৰ নির্দেশ দিছে৷
অলপতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ সৌমিত্র শইকীয়াৰ খণ্ড বিচাৰপীঠে গোচৰৰ শুনানি গ্রহণ কৰি এই নির্দেশ দিয়ে৷ উল্লেখ্য যে, যোৱা ৪ আগষ্টত সমাজকর্মী প্রদীপ বৰুৱাই চন্দ্রপুৰত জাৱৰ নিষ্কাষণ কেন্দ্র স্থাপনৰ বিৰোধিতা কৰি উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজনিত আবেদন দাখিল কৰিছিল৷ এই আবেদনৰ ভিত্তিত শুনানি গ্রহণ কৰি ন্যায়ালয়ক চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপন কৰা নহয় বুলি ৰাজ্য চৰকাৰে প্রতিবেদন দাখিল কৰে যদিও জাৱৰ নিষ্কাষণ প্রকল্প স্থাপনৰ বাবে বিকল্প স্থান সন্দর্ভত চৰকাৰে ন্যায়ালয়ক স্পষ্ট তথ্য দাখিল কৰা নাই৷