ভাৰতীয় গৰ্ভৱতী মহিলা এগৰাকীৰ মৃত্যুত ব্যাপক সমালোচনাৰ সন্মুখীন হৈ মঙলবাৰে পদত্যাগ কৰে পৰ্তুগালৰ স্বাস্থ্যমন্ত্ৰী মাৰ্টা টেমিডোয়ে।
জানিব পৰা মতে, ভাৰতীয় গৰ্ভৱতী মহিলা পৰ্যটকগৰাকীক এখন হস্পাতাললৈ লৈ যোৱা হৈছিল। কিন্তু চিকিৎসালয় খনত বিচনা খালী নাই বুলি তাত ভৰ্তি নকৰালে হস্পাতাল কৰ্তৃপক্ষই। তাৰ পাছতেই মহিলা গৰাকীক অন্য এখন হস্পাতাললৈ স্থানান্তৰ কৰা হৈছিল যদিও সেই সময়তে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে মহিলাগৰাকী। অৱশ্যে তাৰ পূৰ্বে মহিলাগৰাকীৰ এটি সন্তান জন্ম হয়।
এই ঘটনাৰ পাছতেই ছচিয়েল মিডিয়াত ইয়াক লৈ বহু সমালোচনা কৰা হয়। বহুতেই পৰ্টুগাল চৰকাৰৰ সমালোচনাও কৰে। তাৰ পাছতেই পদত্যাগ কৰে স্বাস্থ্য মন্ত্ৰীয়ে।