সমগ্ৰ বিশ্বৰ লগতে দেশত এতিয়া ক’ভিড ১৯ য়ে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ এনে সময়তে স্বাস্থ্য মন্ত্ৰণালয়ে ক’ভিড সংক্ৰান্তত কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে৷ এতিয়াৰ পৰা ১৮ বছৰতকৈ কম বয়সৰ লোকে এণ্টিভাইৰেল বা মনোক্ল’নেল এণ্টিবডী ব্যৱহাৰ কৰিব নোৱাৰিব, তদুপৰি ক’ভিডত আক্ৰান্ত ৰোগীয়ে এতিয়াৰে পৰা ১৪ দিনৰ পৰিৱৰ্তে ১০ দিনৰ পিছতে চিকিৎসালয় বা ঘৰৰ বাহিৰলৈ ওলাব পাৰিব৷
স্বাস্থ্য মন্ত্ৰালয়ে লগতে কয় যে, পাঁচ বছৰ বা তাতকৈ কম বয়সৰ শিশুৰ বাবে মাস্ক বাধ্যতামূলক নহয় আৰু এইবয়সৰ শিশুসকলক মাস্ক পৰিধান নকৰাবলৈ আহ্বান জনাইছে, অৱশ্যে এইবাৰ ৬-১১ বছৰ বয়সৰ লোকসকলে পিতৃ-মাতৃৰ পোনপটীয়া তত্বাৱধানত মাস্ক পৰিধান কৰিব লাগিব৷ ১২ বছৰ বা তাতকৈ অধিক বয়সৰ সকলো লোকৰ বাবে মাস্ক বাধ্যতামূলক কৰিলে স্বাস্থ্য মন্ত্ৰণালয়ে৷ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত এইটো প্ৰায় নিশ্চিত হৈছে যে, অ’মিক্ৰনৰ দ্বাৰা হোৱা ৰোগ কম গুৰুতৰ যদিও ই দ্ৰুত গতিত সংক্ৰমণ হয়৷