আজিৰে পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আৰম্ভণিৰ দিনটোতে মাধ্যম বিতৰ্কক লৈ এতীব্ৰ বাক–বিতণ্ডাৰ সৃষ্টি হয় সদনত। তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান ইংৰাজী মাধ্যম কৰাৰ সিদ্ধান্ত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পৰিপন্থী বুলি মন্তব্য কৰি ভৰত নৰহে কয় যে বিজেপিয়ে মাতৃভাষা ধ্বংস কৰিব বিচাৰিছে।
বিধায়ক অখিল গগৈয়ে কয়, ‘‘তৃতীয় শ্ৰেণীৰ পৰা গণিত-বিজ্ঞান ইংৰাজীত কৰিবলৈ লোৱা বিষয়টো ভয়ংকৰ। ই মাতৃভাষাক সংকটলৈ ঠেলাই নহয়, এই চৰকাৰে একত্ৰীকৰণৰ নামত বন্ধ কৰিবলৈ বিচাৰিছে বিদ্যালয়।’’
মাতৃভাষাৰ বিতৰ্কক লৈ বিৰোধীয়ে সভা স্থগিতৰ প্ৰস্তাৱ আনে। কংগ্ৰেছ আৰু অখিল গগৈয়ে মাধ্যম বিতৰ্কক লৈ আলোচনাৰ প্ৰস্তাৱ ৰাখিছিল যদিও বিৰোধীৰ প্ৰস্তাৱ অধ্যক্ষই খাৰিজ কৰে। অধ্যক্ষৰ যুক্তি, সভা স্থগিত নৰখাকৈ বিষয়টো আলোচনা কৰিব পৰা যাব। পিছত অৱশ্যে ১০ মিনিটৰ বাবে স্থগিত হয় সদন। বিৰোধীৰ প্ৰতিবাদত মন্ত্ৰী পীযূষ হাজৰিকাই মাধ্যম বিতৰ্কক লৈ সদনত আলোচনা হ’ব বুলি মন্তব্য কৰে।