ৰাছিয়াই ক্ৰমাৎ গ্ৰাস কৰি আহিছে ইউক্ৰেইন। ৰাছিয়াৰ অবৈধ আগ্ৰাসনক লৈ সমগ্ৰ বিশ্বৰ লগতে অসমবাসীও চিন্তিত! ইউক্ৰেইনৰ দৰেই অসমতো আগ্ৰাসন চলিছে, অসমৰ বৃহৎ পৰিমাণৰ মাটি চুবুৰীয়া চাৰিখন ৰাজ্য ক্ৰমে, মেঘালয়, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশে দখল কৰি আছে। অৰুণাচল প্ৰদেশে ৮৩.৯৫ বৰ্গ কিলোমিটাৰ, নগালেণ্ডে ৫৫৩.৯৬ বৰ্গ কিলোমিটাৰ, মেঘালয়ে ৩৪.৪২ বৰ্গ কিলোমিটাৰ আৰু মিজোৰামে ১৭.৭৮ বৰ্গ কিলোমিটাৰ মাটি দখল কৰি আছে বুলি বিধানসভাতে চৰকাৰে তথ্য দিছে৷ অৰ্থাৎ মুঠ ৬৯০.১১ বৰ্গ কিলোমিটাৰ অসমৰ মাটি চুবুৰীয়া ৰাজ্যৰ দখলত আছে৷ সীমা সংঘাতত অসমৰ আৰক্ষীসহ বহু নিৰীহ অসমীয়া নিহত হ’বলগীয়া হৈছে।
কিছুদিন পূৰ্বে অসম চৰকাৰে সৰ্বদলীয় বৈঠক পাতি ঘোষণা কৰিছিল যে অসমৰ প্ৰায় ১৮.২৮ বৰ্গ কিলোমিটাৰ মাটি মেঘালয়ক এৰি দিয়া হ’ব। বিবদমান ১২ টা অঞ্চলৰ ছটাৰ এই ১৮.২৮ বৰ্গ কিলোমিটাৰ মাটি এৰি দি চৰকাৰে দাবী কৰিছে যে এই ছটা অঞ্চলৰ বিবাদ নিষ্পত্তি হ’ল। অসমে ১৮.২৮ বৰ্গ কিলোমিটাৰ দি ১৮.৫১ বৰ্গ কিলোমিটাৰ পাব। আনহাতে, বিৰোধী পক্ষই আঙুলিয়াই দিছে যে অসমৰ মাটিকে অসম চৰকাৰে মেঘালয়ক এৰি দি সফলতা দাবী কৰিছে৷ অসমে চুবুৰীয়া ৰাজ্যৰ এক ইঞ্চিও বেদখল কৰা নাই সেয়ে অসমৰ মাটি বেদখল কৰি থকা ৰাজ্যক অসমৰ বৈধ মাটিকে গতাই দিয়া হৈছে।
উল্লেখ্য যে, অসম- মেঘালয়ৰ সীমা সমস্যা সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ ১৯৮৫চনত গঠন কৰা চন্দ্ৰচূড় কমিটীৰ সন্মুখত মেঘালয়ে নিজৰ বুলি ডিমৰীয়া, পিলিংকাটা, জিমিৰগাওঁ-বাকলাপাৰা, নংওৱাহ-মৌটামূৰ, লুকী আৰু লাংপী অঞ্চল কেইটা দাবী কৰিছিল। অৱশ্যে চন্দ্ৰচূড় কমিটীয়ে মেঘালয়ৰ দাবী নাকচ কৰিছিল, কাৰণ উক্ত ঠাইবোৰ খাছী ৰাজ্যৰ আছিল বুলি কোনো প্ৰমাণ দিব পৰা নাছিল মেঘালয়ে।
১৯৮৫চনত মেঘালয়ে দাবী কৰা নংওৱাহ-মৌটামূৰ আৰু লুকী এতিয়া নিজৰ বুলি দাবী নকৰে যদিও বৰ্তমান নতুনকৈ ৰাতাবাৰী আৰু হাহিম নিজৰ বুলি দাবী কৰিছে৷ তাৰ অৰ্থ হ’ল খাছী ৰাজ্য ক’লৈকে বিস্তৃত আছিল তাৰ সঠিক তথ্য তেওঁলোকৰ হাতত নাই। মেঘালয়ৰ হাতত নিজৰ দাবী সমৰ্থনত কোনো স্পষ্ট প্ৰমাণ নথকাৰ পাছতো অসম চৰকাৰে মেঘালয়ৰ দাবীক বিনাবাক্যে মানি লৈ ১৯৮৫চনতে চন্দ্ৰচূড় কমিটীয়ে দিবলৈ অস্বীকাৰ কৰা মাটি এতিয়া হস্তান্তৰ কৰিবলৈ মান্তি হৈছে।
উদ্বেগৰ কথা হ’ল যে, অসম চৰকাৰে এই একে তথাকথিত দিয়া আৰু লোৱা নীতি সীমামূৰীয়া আন ৰাজ্যবোৰৰ সৈতে থকা সীমা বিবাদৰ ক্ষেত্ৰতো প্ৰযোজ্য কৰাৰ সিদ্ধান্ত লৈছে। অৰ্থাৎ আন ৰাজ্যসমূহৰ সৈতেও হয়তো একে আপোচমূলক সিদ্ধান্ত লোৱা হ’ব পাৰে ৷ তাৰ লগতে ২০১৫চনত বাংলাদেশৰ লগত হোৱা ভূমি হস্তান্তৰ চুক্তি আছেই ৷ এই চুক্তিৰ অধীনত ভাৰতে ৭১১০ একৰ মাটি বাংলাদেশক দিছিল আৰু বাংলাদেশে ভাৰতক দিছিল ১৭,১৬০ একৰ মাটি। অসমৰো বৃহৎ এলেকা এৰি দিয়াক লৈ ৰাজ্যত প্ৰতিবাদ হৈছিল যদিও তাৰ কোনো ফল নধৰিলে ৷
ৰাছিয়াৰ পুটিনে বোমা বাৰুদেৰে আক্ৰমণ চলাই ইউক্ৰেইন দখল কৰাৰ দৰে চুবুৰীয়া ৰাজ্যই অসম দখল কৰা নাই যদিও অসমৰ মাটিৰ অবৈধ বেদখল আৰু বেদখলকাৰীৰ দপদপনি এক জ্বলন্ত সমস্যা হৈ পৰা পৰিলক্ষিত হৈছে।