কৰ্ণাটকত আৰম্ভ হোৱা হিজাব বিতৰ্কই তোলপাৰ লগাইছে সমগ্ৰ দেশ। বুধবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হয় বিদ্যালয়ত হিজাব নিষিদ্ধকৰণকলৈ কৰা আবেদনৰ শুনানি।
বিপৰীত পক্ষৰ আবেদনকাৰীৰ হৈ অধিবক্তা ৰবিবৰ্মা কুমাৰে কয় যে, মই সমাজত বহু ধৰ্মীয় চিহ্ন দেখিছো। দেশত বহু ধৰ্মীয় চিহ্ন আছে। কিন্তু কেৱল হিজাবকলৈ বিতৰ্ক কিয়? হিন্দু আৰু শিখসকলৰো নিজ নিজ ধৰ্মীয় প্ৰতীক আছে। শ্ৰেণীকোঠাত যদি হিজাব নিষিদ্ধ হয়, তেন্তে পাগুৰি, ফোঁট নিষিদ্ধ নহয় কিয়? এয়া কি ধৰ্মীয় চিম্বল নহয় নেকি? তেওঁলোকে কিয় কেৱল মুছলমান ছোৱালী বোৰক লক্ষ্য কৰিছে?’
অধিবক্তাগৰাকীয়ে কয়, ‘যদি পাগুৰি পিন্ধি থকা লোকসকল সেনাবাহিনীত থাকিব পাৰে, তেন্তে মুছলিম ছোৱালীবোৰক শ্ৰেণীত উপস্থিত থাকিবলৈ কিয় বাধা দিয়ে? দোপাট্টা, চুড়ি, বিন্দি, ডিঙিৰ তলত ক্ৰুচিক্স পিন্ধা শিক্ষাৰ্থীসকলক শ্ৰেণী কোঠাত প্ৰৱেশ নিষেধ কৰা নাই কেৱল মুছলমান ছাত্ৰীসকলক কিয় টাৰ্গেট কৰা হৈছে? এই ছোৱালীবোৰহে কিয়? এয়া ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১৫ৰ অৱমাননা।’
কৰ্ণাটকত হিজাবক লৈ বিবাদ ১ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল। উডুপীত ৬ গৰাকী মুছলমান ছাত্ৰীক হিজাব পিন্ধাৰ বাবে কলেজৰ শ্ৰেণী কোঠাত বহাত বাধা দিয়া হৈছিল। কলেজ মেনেজমেণ্টে নতুন ইউনিফৰ্ম পলিচী ইয়াৰ কাৰণ বুলি কৈছিল। ইয়াৰ পিছত সেই ছাত্ৰীকেইগৰাকীয়ে কৰ্ণাটক হাইক’ৰ্টত এক আবেদন দাখিল কৰিছিল।