অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ ৰাজ্যবাসী যথেষ্ট সুখী। আৰু এই কথা প্ৰকাশ পাইছে জনপ্ৰিয় আলোচনী ‘India Today’ ৰ এক সমীক্ষাত। উল্লেখযোগ্য যে আলোচনীখনে সময়ে সময়ে কিছু বিষয়বস্তু লৈ সমীক্ষা চলোৱা দেখা যায়। বহুল প্ৰচলিত আলোচনীখনৰ সমীক্ষাক যথেষ্ট গুৰুত্ব সহকাৰেও লয় জনসাধাৰণে।
এইবাৰ দেশৰ ভিতৰতে প্ৰথম দহজন ৰাজ্যবাসীৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীক লৈ চলোৱা সমীক্ষাত দেশৰ ভিতৰতে প্ৰথম জন মুখ্যমন্ত্ৰী হ’ল নবীন পাটনায়ক। পাটনায়কক মুখ্যমন্ত্ৰী হিচাপে লাভ কৰি ওড়িচ্ছাবাসী সুখী। সেইদৰে দিত্বীয় স্থানত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈও অসমবাসী সুখী। সমীক্ষামতে তেওঁ দেশৰ ভিতৰতে তৃতীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী। চতুৰ্থ স্থানত আছে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা আছে পঞ্চম স্থানত। ষষ্ঠ স্থানত আছে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ শ্বাৱন্ত। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে দেশৰ ভিতৰতে সপ্তম জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ স্থান দখল কৰে।
আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালক আলোচনীখনৰ সমীক্ষাই অষ্টম স্থান দিয়ে। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে নৱম আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক দশম স্থানত ৰাখিছে আলোচনীখনৰ সমীক্ষাত।