আজি মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়কসকলক দেখা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সন্ধিয়ালৈ মুখ্যমন্ত্ৰী শৰ্মাই বিদ্ৰোহী বিধায়কসকলৰ বাবে এক আলোচনাত মিলিত হ’ব। উল্লখ্য যে, বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে সঘন যোগাযোগত আছে মুখ্যমন্ত্ৰী। আনহাতে মহাৰাষ্ট্ৰৰ বিধায়কসকল হোটেল ৰেডিশ্বন ব্লুলৈ অহাৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে হোটেলখনলৈ গৈ তাত বিধায়কসকলৰ বাবে কি ধৰণৰ ব্যৱস্থা কৰা হৈছে সেয়া তদাৰক কৰিছিল।
আনহাতে শিৱসেনাই উদ্ধৱ থাকৰেৰ চৰকাৰ ৰক্ষা কৰিবৰ বাবে যৎপৰোনাস্তি কৰিছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমল নাথৰ সৈতেও মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে এক বৈঠকত বহাৰ কথা চলিছে। মহাৰাষ্ট্ৰৰ কংগ্ৰেছৰ প্ৰায় ৪৩ গৰাকী বিধায়কৰ উপস্থিতিত বিধায়নী দলৰ বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈ যায়।