‘অসমৰ কেইবাখনো জিলাত হিন্দু সম্প্ৰদায়ৰ লোক এতিয়া সংখ্যালঘু’এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷ সোমবাৰে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৰাজ্যখনত এতিয়া মুছলমান সম্প্ৰদায় সংখ্যালঘু হৈ থকা নাই৷ কিয়নো ৰাজ্যৰ উত্তৰ-পূবৰ কেইখনমান জিলাত হিন্দুলোকসকলহে সংখ্যালঘুত পৰিণত হৈছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘যেতিয়া ৰাজ্যখনত হিন্দুসকল সংখ্যাগৰিষ্ঠ নহয়, তেওঁলোকক সংখ্যালঘু হিচাপে ঘোষণা কৰিব পাৰে। কিন্তু মই অনুৰোধ কৰিছো যে যিকেইখন জিলাত হিন্দু সম্প্ৰদায় সংখ্যাগৰিষ্ঠ নহয়, সেই জিলাত হিন্দুসকলক সংখ্যালঘু ঘোষণা কৰা উচিত। অসমত বহুতো জিলা আছে য’ত হিন্দুসকল সংখ্যালঘুত পৰিণত হৈছে। মুছলমান সম্প্ৰদায় সংখ্যাগৰিষ্ঠ আৰু অসমৰ সৰ্ববৃহৎ সম্প্ৰদায়। পৰিসাংখ্যিকভাৱে মুছলমানসকল হৈছে অসমৰ সৰ্ববৃহৎ সম্প্ৰদায়৷’তেওঁ লগতে কয় যে, ক্ষমতাৰ সৈতে দায়িত্ব আহে আৰু যিহেতু মুছলমানসকল অসমৰ জনসংখ্যাৰ ৩৫ শতাংশ, ইয়াত সংখ্যালঘুসকলক সুৰক্ষা দিয়াটো তেওঁলোকৰ দায়িত্ব।
অসমৰ মুছলমান জনসংখ্যাৰ প্ৰায় চাৰি শতাংশ স্থানীয় অসমীয়া মুছলমান আৰু বেছিভাগেই বঙালীভাষী। ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)ৰ পুনৰীক্ষণৰ আৰু এক নতুন অনুশীলনৰ আহ্বান জনাইছিল।
‘আমি আগতেও কৈছিলো যে পুৰণি এনআৰচি পুনৰীক্ষণ আৰু নতুনকৈ কৰা উচিত। সদৌ অসম ছাত্ৰ সন্থাৰ (এএএছইউ) সৈতে আমাৰ আলোচনা চলি আছে। আমি বিচাৰো যে ৰাজ্যখনত এনআৰচি পুনৰ সম্পন্ন হওক’ মুখ্যমন্ত্ৰীয়ে কয়।