গুৱাহাটী – শীঘ্ৰেই সমাধান হ’ব নেকি নগা সমস্যা? দীৰ্ঘদিন ধৰি চলি থকা নগা সমস্যা সমাধানৰ লক্ষ্যৰে চলিত মাহতে মণিপুৰত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ এই কথা প্ৰকাশ কৰিছে মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিঙে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্রকাশ কৰা মতে, নগা শান্তি চুক্তি অনুসৰি এন এছ চি এনৰ সৈতে চলি থকা আলোচনাত মণিপুৰৰ বহু ভূখণ্ড নাগালিমত অন্তর্ভুক্ত কৰাৰ ক্ষেত্রত যি দাবী সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হ’ব। মণিপুৰ ভ্ৰমণকালতে ৰাজ্যখনৰ ৰাজনৈতিক দল, সংগঠন, তথা বহু বিশিষ্ট ব্যক্তিৰ সৈতেও আলোচনাত মিলিত হ’ব কেন্দ্রীয় গৃহমন্ত্রীগৰাকী৷
উল্লেখ্য যে বৃহত্তৰ নাগালিম গঠনৰ ক্ষেত্রত এন এছ চি এন (আই–এম)–এ মণিপুৰৰ নগা অধ্যুষিত এলেকাসমূহক নাগালিমত অন্তর্ভুক্ত কৰাৰ বাবে কেন্দ্রীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে৷ ইয়াৰ বিপৰীতে মণিপুৰত ৰাজ্যখনৰ কোনো ভূখণ্ড নাগালিমত অন্তর্ভুক্ত হ’বলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে৷ একমাত্র মণিপুৰেই নহয়, অৰুণাচল আৰু অসমৰ নগা অধ্যুষিত এলেকা অন্তর্ভুক্তিৰ বাবেও এন এছ চি এনে দাবী উত্থাপন কৰি আহিছে৷
উল্লেখ্য যে চলিত বর্ষতে নগা সমস্যাৰ এক ইতিবাচক সমাধান দিয়াৰ বাবে কেন্দ্রীয় চৰকাৰে তৎপৰতা আৰম্ভ কৰিছে৷ মণিপুৰ, অৰুণাচল আৰু অসমত যিহেতু বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ থকা অৱস্থাতে নগা সমস্যা সমাধানৰ বাবে তৎপৰ হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ।