কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে নতুন দিল্লীত সপ্তম সংখ্যক এন চি অ’ আৰ ডিৰ এপেক্স পৰ্যায়ৰ বৈঠক সম্বোধন কৰে। বৈঠকত ভাষণ প্ৰদান কৰি শ্বাহে যোৱা পাঁচটা বছৰত ড্ৰাগছৰ বিৰুদ্ধে যুঁজত লাভ কৰা সফলতাৰ বাবে সকলো সংস্থাকে অভিনন্দন জ্ঞাপন কৰে। অৱশ্যে, তেওঁ ভাষণত কয় যে এতিয়ালৈকে লাভ কৰা সাফল্য বা কৰিবলগীয়া কামৰ মাত্ৰ ১০ শতাংশহে।
তেওঁ ড্ৰাগছ বিৰোধী এই যুঁজৰ সন্দৰ্ভত কয়, “প্ৰকৃত যুদ্ধ এতিয়া আৰম্ভ হৈছেহে। যেতিয়ালৈকে ৩৫ বছৰৰ তলৰ প্ৰতিজন নাগৰিকে এই যুদ্ধত যোগদান কৰাৰ সিদ্ধান্ত নলয় আৰু ৩৫ বছৰৰ অধিক বয়সৰ প্ৰতিজন নাগৰিকে পথ প্ৰদৰ্শন কৰাৰ সিদ্ধান্ত নলয় তেতিয়ালৈকে আমি এই যুঁজত জয়ী হ’ব নোৱাৰো। চৰকাৰে কেৱল এই যুদ্ধ পৰিচালনা কৰিব পাৰে কিন্তু নিজে জয়ী হ’ব নোৱাৰে। সেয়ে এই যুঁজখনক দেশৰ ১৩০ কোটি নাগৰিকৰ কাষলৈ লৈ যোৱাৰ প্ৰয়োজন। ৰাজ্য চৰকাৰৰ সৈতে থকা সংস্থাসমূহকে ধৰি সকলো সংস্থাই এই লক্ষ্য গ্ৰহণ কৰা উচিত।‘’
গৃহমন্ত্ৰী শ্বাহে লগতে কয়, “ভাৰতৰ অমৃতকাল আৰম্ভ হৈছে। আমি ২০৪৭ চনৰ ভিতৰত ভাৰতক প্ৰতিটো দিশত আগশাৰীৰ কৰি তুলিবলৈ সংকল্প লৈছো। কিন্তু আমি ভাৰতৰ যুৱক-যুৱতীসকলক ড্ৰাগছৰ বিপদৰ পৰা মুক্ত নকৰাকৈ এই লক্ষ্যত উপনীত হ’ব নোৱাৰো। আমি এই যুঁজখন গম্ভীৰতাৰে যুঁজিব লাগিব আৰু ইয়াক অগ্ৰাধিকাৰ হিচাপে ল’ব লাগিব। সেয়ে আমি সকলোৱে এই কামৰ বাবে প্ৰতি সপ্তাহত কিছু সময় উলিয়াব লাগিব আৰু ইয়াৰ বাবে এটা পৃথক উলম্ব আৰু প্ৰতিবেদন প্ৰণালী সৃষ্টি কৰিব লাগিব। আমাৰ সন্মুখত পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ বহু উদাহৰণ আছে। যদি আমি একেলগে আৰু দৃঢ়তাৰে যুঁজ দিওঁ তেন্তে আমি এই যুঁজত জয়ী হ’ব পাৰিম।” শ্বাহে লগতে কয় যে, একাংশ ৰাষ্ট্ৰই অপৰাধৰ তালিকাৰ পৰা কিছু ড্ৰাগছৰ ব্যৱহাৰ আঁতৰাই দিছে। তেওঁলোকে এই কাম কৰাৰ আঁৰৰ কাৰণ হৈছে অপৰাধীক আৱদ্ধ কৰিবলৈ কাৰাগাৰত তেওঁলোকৰ পৰ্যাপ্ত ক্ষমতা নাই।
তেওঁ পুনৰ কয়, “যোৱা পাঁচ বছৰত আমি গাঁথনিগত, প্ৰতিষ্ঠানগত আৰু তথ্যগত সংস্কাৰৰ জৰিয়তে এই যুঁজখন চলাইছিলো আৰু সমগ্ৰ চৰকাৰী দৃষ্টিভংগীৰ জৰিয়তে আগবাঢ়িছিলো। এই পদ্ধতিৰ ফলাফল অতি উৎসাহজনক। ২০০৪ চনৰ পৰা ২০১৩ চনলৈ জব্দ কৰা ড্ৰাগছৰ পৰিমাণ আছিল ১.৫২ লাখ কিলোগ্ৰাম, যি ২০১৪ চনৰ পৰা ২০২৪ চনলৈ ৫.৪৩ লাখ কিলোগ্ৰামলৈ বৃদ্ধি পাইছে। এই সময়ছোৱাত ড্ৰাগছৰ মূল্য ৫৯৩৩ কোটি টকাৰ পৰা ২২,০০০ কোটি টকাতকৈও অধিক হৈছে”। তেওঁ ড্ৰাগছ ব্যাৱসায়ক নাৰ্কো সন্ত্ৰাসবাদ আখ্যা দি কয় “ড্ৰাগছৰ আসক্তিয়ে আমাৰ নতুন প্ৰজন্মক দুৰ্বল কৰি তুলিছে আৰু তেওঁলোকৰ পৰিয়াল এক হীনমন্যতাৰে ভূগিছে। ড্ৰাগছৰ ব্যৱসায় এতিয়া নাৰ্কো-সন্ত্ৰাসৰ সৈতে সম্পৰ্কিত, যিয়ে দেশৰ নিৰাপত্তাৰ বাবে এক গুৰুতৰ ভাবুকি সৃষ্টি কৰিছে। এই বাণিজ্যই আমাৰ অৰ্থনীতিক দুৰ্বল কৰা উৎসবোৰকো শক্তিশালী কৰে। ড্ৰাগছৰ কাৰ্টেলবোৰ হাৱালা লেনদেন আৰু কৰ ফাঁকি
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ড্ৰাগছ সম্পৰ্কীয় সকলো তথ্য সংস্থাসমূহৰ মাজত আদান-প্ৰদানৰ ওপৰত গুৰুত্ব দি কয়, “তথ্য আদান-প্ৰদানৰ সন্দৰ্ভত, আমাৰ সংস্থাবোৰে প্ৰয়োজনীয় নীতি গ্ৰহণ কৰিছিল। কিন্তু এতিয়া ইয়াক ভাগ-বতৰা কৰাৰ কৰ্তব্যলৈ সলনি কৰা উচিত। ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ। আমি আমাৰ ব্যৱস্থাক বিশ্বাস কৰা উচিত। আমি ড্ৰাগছ যোগান শৃংখলাক ধ্বংস কৰাৰ বাবে এক কৌশলগত দৃষ্টিভংগী আৰু ক্ষতি হ্ৰাসৰ বাবে মানৱীয় দৃষ্টিভংগী ৰাখি ড্ৰাগছৰ বিৰুদ্ধে আমাৰ এক নিৰ্মম দৃষ্টিভংগী ৰাখিব লাগিব”।