গুৱাহাটীত ভয়ংকৰ হাৰত বিয়পিছে ক’ভিড৷ চৰকাৰে ক’ভিড ভেকচিন বাধ্যতামূলক কৰিছে যদিও বহুলোকে এতিয়াও ভেকচিন নোলোৱাকৈ আছে। যোৱা ২৪ ঘণ্টাত ১,৯২৯জন কেৱল গুৱাহাটীতে আক্ৰান্ত হৈছে৷ GMCHত বৰ্তমান চিকিৎসাধীন হৈ আছে ৩০০ ক’ভিড আক্রান্ত। বৰ্তমান সৰুসজাইত চিকিৎসাধীন হৈ আছে ৬৭ গৰাকী। GMCHৰ আইচিইউত চিকিৎসাধীন হৈ ৩৫ গৰাকীৰ আক্ৰান্তৰ ভিতৰত ৫ গৰাকীয়ে ভেকচিন লোৱা নাই আৰু ৫ জনৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে, ৮৯.১৪ ℅ ভেকচিন লোৱা লোক পুনৰ আক্রান্ত হৈছে ক’ভিডত৷ ২০ৰ পৰা ৩০ বছৰ বয়সৰ লোক আৰু ৬০ৰ উৰ্ধ্বৰ লোক সৰ্বাধিক আক্রান্ত হৈছে এইবাৰ৷ প্ৰতিদিনে ৩,০০০ কৈও অধিক ক’ভিড পৰীক্ষা হৈছে GMCHত আৰু ইয়াৰ ভিতৰত ৩০০ৰো অধিক পজিটিভ পোৱা যায় প্ৰতিদিনে৷ অৱশ্যে এইবাৰ বেছি সংখ্যক হোম আইচ’লেশ্বন কৰা হৈছে ক’ভিড আক্রান্তক৷ হোম আইচ’লেশ্বনত থকা লোকে শ্বাস-প্ৰশ্বাসত অসুবিধা পালে হোম আইচোলেশ্বনৰ পৰা চিকিৎসালয়লৈ অনাৰ ব্যৱস্থা কৰা হ’ব৷
চৰকাৰে দিয়া ক’ভিড নিৰ্দেশনা অমান্য কৰি মাস্ক নিপিন্ধাকৈ ঘূৰিছে বহুজন। যাৰ বাবে গুৱাহাটীত দৈনিক বৃদ্ধি হৈছে সংক্ৰমন।