কিছুদিনৰ আগতে মন্ত্ৰী পীযুষ হাজৰিকাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ ওপৰত উত্থাপন কৰিছিল হাউছিঙৰ ঘৰ থকাৰ এক গুৰুতৰ অভিযোগ। মন্ত্ৰী হাজৰিকাৰ মতে ভূপেন বৰাই অবৈধ ভাৱে দখল কৰিছে হাউচিং বোৰ্ডৰ এটা ফ্লেট। ২০০৬ চনত আবেদন কৰা ফ্লেটটো ২০০৮ চনত লাভ কৰিছিল ভূপেন বৰাৰ পত্নীৰ নামত। হাউছিঙৰ ঘৰ আবন্তনৰ বিতৰ্ককলৈ ভূপেন বৰাৰ পত্নীৰ পাছত এইবাৰ নাম সাঙোৰ খাইছে সাংসদ ভূবনেশ্বৰ কলিতাৰ।
প্ৰাক্তন কংগ্ৰেছী তথা BJPৰ সাংসদ ভুৱনেশ্বৰ কলিতাৰ নামত আবন্টন হৈ আছে হাউছিঙৰ এই ঘৰটো। উল্লেখ্য যে, বিগত ৩৮ বছৰ ধৰি মধ্যবিত্তৰ বাবে আবন্টন হৈ থকা এই ঘৰটো দখল কৰি আছে বিজেপি সাংসদ ভূবনেশ্বৰ কলিতাই। হেঙেৰাবাৰীৰ হাউছিঙৰ MIG(B)- ২/৬ নম্বৰ ঘৰ বিগত ৩৮ বছৰে নীতিবহিৰ্ভূত ভাৱে দখল কৰি আছে কলিতাই। ১১ মে, ১৯৮৪ চনতেই কলিতাক তদানীন্তন কংগ্ৰেছ চৰকাৰে কলিতাক আবন্টন দিছিল এই ঘৰটো। বৰ্তমান কলিতাৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৭ কোটি ৩০ লাখ টকা।
উল্লেখ্য যে সাংসদগৰাকীৰ বিৰুদ্ধে এই অভিযোগ অহাৰ পাছতে বিজেপিক উভতি ধৰিলে কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰে। তেওঁ কয় যে, মন্ত্ৰী পীযুষ হাজৰিকাই ভূপেন বৰাক যিদৰে প্ৰশ্ন কৰিছিল, সেই একে প্ৰশ্ন বিজেপিৰ সাংসদ ভূবনেশ্বৰ কলিতাক সুধিবলৈ সাহস হব নে? বিজেপিলৈ গলেই সকলো নিকা, সৎ হৈ যায় নেকি বুলিও বিধায়কগৰাকীয়ে প্ৰশ্ন কৰে।