একেৰাহে দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ মন্ত্ৰী হিচাপে মোদী ৩.০ৰ কাৰ্যকালত শপতগ্ৰহণ কৰাৰ পাছত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত উপস্থিত হয়। ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ হিচাপে বিগত লোকসভাৰ নিৰ্বাচনত বিপুল ভোটত জয়ী হোৱা প্ৰিয় নেতাগৰাকীক আদৰিবলৈ ডিব্ৰুগড় বিমানবন্দৰত সহস্ৰাধিক লোকে ভীৰ কৰে। সৰ্বানন্দ সোণোৱালে বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে বিপুল হৰ্ষধ্বনিৰে তেখেতক উষ্ম আদৰণি জনায়। ইয়াৰ পাছতেই স্থানীয় বিধায়ক প্ৰশান্ত ফুকনৰ উদ্যোগত ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাবত আয়োজিত আদৰণি অনুষ্ঠানতো সৰ্বস্তৰৰ লোকে সোণোৱালক ব্যাপক আদৰণি আৰু অভিনন্দন জ্ঞাপন কৰে।
জনতা জনাৰ্দনৰ শ্ৰীচৰণত মূৰ দোঁৱাই সোণোৱালে ৰাইজৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে আৰু কয়, “ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজে মোক যি অভূতপূৰ্ব মৰম-সমৰ্থনেৰে বিজয়ী হোৱাত সহায় কৰিলে, মই সঁচাকৈয়ে অভিভূত। এই মৰম মই কেতিয়াও পাহৰিব নোৱাৰিম। ডিব্ৰুগড় মোৰ জন্মভূমি, মোৰ কৰ্মভূমি। ডিব্ৰুগড়ৰ সন্তান আৰু সাংসদ হিচাপে নিষ্ঠাৰে কাম কৰি যাবলৈ মই দৃঢ় সংকল্পবদ্ধ।”
সোণোৱাল উল্লেখ কৰে, “বিগত লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএ-ৰ ঐতিহাসিক বিজয়ত অসমেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই পুণ্যভূমি অসমৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰপৰা মোক বিপুল ভোটত জয়ী কৰোৱাৰ বাবে জনতা জনাৰ্দনৰ শ্ৰীচৰণত নতশিৰে সেৱা জনালোঁ। মোৰ ওপৰত আস্থা-বিশ্বাস অটুট ৰাখি প্ৰতিটো খোজতে পথ-প্ৰদৰ্শন কৰি আকৌ এবাৰ দেশমাতৃৰ সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডা ডাঙৰীয়াক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তদুপৰি, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মাননীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকো তেওঁলোকৰ অকুণ্ঠ সহযোগিতাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে বিজেপি আৰু আমাৰ মিত্ৰদলসমূহৰ কাৰ্যকৰ্তাসকলকো তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, সমৰ্পিত সেৱা আৰু সক্ৰিয় ভূমিকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ জাতি-ধৰ্ম-ভাষা-বৰ্ণ নিৰ্বিশেষে ৰাইজক আৰু শুভাকাংক্ষীসকলক এইছেগতে মোৰ তৰফৰপৰা শ্ৰদ্ধা, কৃতজ্ঞতা জনালোঁ। তদুপৰি, ডিব্ৰুগড় লোকসভা সমষ্টিৰ মাননীয় প্ৰাক্তন সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু সমষ্টিটোৰ প্ৰতিগৰাকী মাননীয় মন্ত্ৰী, বিধায়ক, সতীৰ্থ, শ্ৰদ্ধাৰ ৰাইজ আৰু শুভাকাংক্ষীসকলে মোৰ প্ৰতি আগবঢ়োৱা অফুৰন্ত সহযোগিতা, মৰম-আশীৰ্বাদৰ বাবে আটাইকে অশেষ ধন্যবাদ জনাইছোঁ। ৰাইজৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰিবলৈ আৰু ডিব্ৰুগড়ৰ ঐতিহ্যক উজ্জীৱিত কৰি অসমৰ সৰ্বাংগীণ বিকাশৰ যাত্ৰাক এক নতুন শিখৰত উপনীত কৰিবলৈ আমি বদ্ধপৰিকৰ। এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ বাবে জাতি-ধৰ্ম-ভাষা-বৰ্ণ নিৰ্বিশেষে সৰ্বস্তৰৰ লোকক লগত লৈ আমি অনাগত দিনবোৰতো ঐক্যবদ্ধভাৱে আগুৱাই যাম।”
সোণোৱালে তদুপৰি উল্লেখ কৰে, “নৰেন্দ্ৰ মোদী ডাঙৰীয়া ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পাছত আৰু ২০১৬ চনত অসমত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছতহে ডিব্ৰুগড়ৰ প্ৰকৃত ৰূপান্তৰ আৰম্ভ হৈছিল। আজি এই অঞ্চলটো সম্পূৰ্ণ শান্ত। ইয়াৰ যুৱক-যুৱতীসকলে কৰ্মসংস্থাপন আৰু জীৱিকা উপাৰ্জনৰ বিভিন্ন সুযোগ লাভ কৰিছে, কৃষক আৰু দুখীয়া ৰাইজে যথাযথ মৰ্যাদা আৰু সম-বিকাশ লাভ কৰিছে আৰু নাৰীসকল সবল হৈ উঠিছে। যোৱা দহ বছৰৰ ভিতৰত এই সমষ্টিত বসবাস কৰা সকলো খিলঞ্জীয়া জনগোষ্ঠীক সামাজিক আৰু অৰ্থনৈতিকভাৱে সবল কৰা হৈছে৷ বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ নেতৃত্বত হোৱা অভূতপূৰ্ব পৰিৱৰ্তন আপোনাসৱৰ চকুৰ আগত। বিগত ১০ বছৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত হোৱা ক্ষিপ্ৰ ৰূপান্তৰো আপোনালোকে দেখা পাইছে। বিজেপি চৰকাৰৰ দিনত অসম কেইবা দশকৰ অন্ধকাৰৰ পৰা ওলাই আহিছে। আজি, ডিব্ৰুগড় বিশ্ব মানচিত্ৰত জিলিকি উঠিছে। দৰাচলতে, কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত নতুন আত্মবিশ্বাস আৰু শক্তি বিচাৰি পাইছে। সমগ্ৰ অঞ্চলটোৰ মানুহে এতিয়া উপলব্ধি কৰিছে যে বিজেপিয়েই হৈছে একমাত্ৰ দল যিয়ে তেওঁলোকৰ ভাগ্য সলনি কৰিব পাৰে। তদুপৰি, বিজেপি চৰকাৰেই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাংগীণ বিকাশত সবাতোকৈ বেছি গুৰুত্ব দিছে।”