অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে অসম বন্ধ দিয়া সকলৰ প্ৰতি লক্ষ্য ৰাখি কৰিলে এক বিশেষ পোষ্ট। অসম বন্ধ দিয়া সকলে ভৰিব লাগিব ১৬৪৩ কোটি টকা।
ফেচবুকত এক পোষ্ট কৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, অসমৰ GSDPৰ পৰিমাণ ৫,৬৫,৪০১ কোটি টকা। আনহাতে বন্ধৰ বাবে এদিনত অসমত হোৱা লোকচানৰ পৰিমাণ প্ৰায় ১৬৪৩ কোটি টকা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আদেশৰ পাৰা ৩৫(৯) অনুসৰি এনে বন্ধৰ আহ্বান জনোৱা সকলৰ পৰা এদিনৰ বন্ধৰ বাবদ হোৱা লোকচান উঠাব লাগে। ইয়াৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশনাও সংযোগ কৰে সিঙে।
Reiterating my post of June 2022 about Bandh Calls and responsibility/accountability of those who call for Bandh as directed by Hon’ble Gauhati High Court in WP(C) 7570/2013
Date : 19.03.2019
Needless to say that with the GSDP of Assam pegged at INR 5,65,401 Crore, loss from a… https://t.co/ljYCUN90V8— GP Singh (@gpsinghips) February 29, 2024
উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আছে ৰাজ্যৰ ১৩ টা ৰাজনৈতিক দলে। এই সন্দৰ্ভত এক স্মাৰক পত্ৰও তেওঁলোকে প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰীক। লগতে তেওঁলোকে হুংকাৰ দিছিল যে অসমত ‘কা’ বলবৎ হোৱাৰ দিনাই অসম বন্ধ হ’ব। তাৰ পাছতে জিপি সিঙে এই পোষ্ট কৰে