গোৰেশ্বৰ – এবিএমছুৰ নেতা লাফিকুল ইছলাম হত্যাকাণ্ডৰ তদন্ত ক্ষীপ্ৰতাৰে কৰা হ’ব। বিটিচিত বিজেপি চৰকাৰ আহিলেই লাফিকুল ইছলামৰ হত্যাকাৰীক চিনাক্ত কৰি উলিওৱা হ’ব। আজি এই কথা ঘোষণা কৰিছে মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই।
আজি গোৰেশ্বৰৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এই ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। বিচিটি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মন্ত্ৰীগৰাকীয়ে সোচ্চাৰ ভুমিকা পালন কৰি বিটিচিৰ প্ৰতিটো সমষ্টিতে নিৰ্বাচনী প্ৰচাৰ চলাইছে। আজি মন্ত্ৰী ড. শৰ্মাই কয়, ‘লাফিকুলৰ হত্যাকাৰীক পোহৰলৈ আনিবৰ বাবে বিজেপি চৰকাৰে যিমানখিনি কৰিব লাগে কৰিব। চিবিআইয়ে তদন্ত চলাই আছে। ৰাজ্য চৰকাৰে চিবিআইৰ সৈতে যোগাযোগ কৰিম যাতে দুই তিনি মাহৰ ভিতৰত লাফিকুল ইছলামৰ হত্যাকাৰীক চিনাক্ত কৰিব পাৰি।‘
তেওঁ লগতে কয় যে হাগ্ৰামাৰ দাদাগিৰি আৰু নচলিব। হাগ্ৰামাই ১৫ বছৰ দাদাগিৰি চলালে। এতিয়া সেইবোৰ দিন শেষ হ’ল। বিটিচিৰ ৰাইেজে এতিয়া আৰু ভয় খাব নালাগে।”
তেওঁ আৰু কয়, “বিটিচিত আৰু কেতিয়াও ৰাজনৈতিক হত্যাকাণ্ড হ’ব নোৱাৰিব। বিটিচিত এবাৰ বিজেপি চৰকাৰ আহিলে ভৱিষ্যতে কেতিয়াও কোনো ৰাজনৈতিক হত্যাকাণ্ড হ’ব নোৱাৰিব। সকলো লোকে নিৰাপদে থাকিব পাৰিব।‘