কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে ইচ্ছা কৰিলে তেওঁ ৩ দিনত কংগ্ৰেছ শূন্য কৰি দিব পাৰে। সৰভোগৰ মইনবড়ী সত্ৰত উপস্থিত হৈ এইদৰে কয় মন্ত্ৰীগৰাকীয়ে। যদিহে তেওঁক দায়িত্ব দিয়া হয় তেন্তে অসমৰ পৰা তিনিদিনতে তেওঁ কংগ্ৰেছক শূন্য কৰি দিব।
কংগ্ৰেছ দলৰ লগতে ৰকিবুল হুছেইনকো সমালোচনা কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, ‘‘ৰকিবুল হুছেইন পিছফালৰ পৰা চুৰি মৰাত ওস্তাদ। গৌৰৱ গগৈকো তেওঁ পিছফালে চুৰি মাৰিছে।
ইফালে, অসম বিধানসভাৰ অন্তিম দিনা বিধায়ক মানৱ ডেকাই কংগ্ৰেছক সমালোচনা কৰি কয়, ‘‘ভাৰতীয় মূলৰ ৰাজনৈতিক দলত থকা খিলঞ্জীয়া যিকোনো ব্যক্তি আগন্তুক ভাৰতীয় জনতা পাৰ্টীৰ কাযকৰ্তা। কংগ্ৰেছ দল নাইকীয়া হৈ যাব। কেৱল মিয়াৰ দল হিচাপে থাকিব।’’