নগাওঁ আৰু কাছাৰ কাগজ কল দুয়োটা ক্ৰয় কৰিব ৰাজ্যৰ উদ্যোগ বিভাগে। আজি পুৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত এই বিষয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ৰাজ্যৰ উদ্যোগ বিভাগক কাগজ কল দুয়োটা ক্ৰয় কৰিবলৈ ৩৭৫ কোটি টকা ধনৰ অনুমোদন দিয়া হৈছে।
উল্লেখ্য যে, নগাওঁ আৰু কাছাৰ কাগজ তল দুয়োটা বন্ধ হোৱাৰ পিছতে সুদীৰ্ঘ দিন ধৰি দুয়োটা কাগজ কলৰ কৰ্মচাৰীয়ে লাভ কৰা নাই তেওঁলোকৰ প্ৰাপ্য দৰমহাকে ধৰি অন্যান্য প্ৰাপ্য সমূহ। ইতিমধ্যে আৰ্থিক দৈন্যতাত ভূগি বহু কেইজন কৰ্মচাৰীয়ে আত্মহত্যাৰ দৰে পথো গ্ৰহণ কৰিছে। কাগজ কল দুটা বন্ধ হোৱাৰ লগে লগে ইয়াৰ লগত জড়িত হৈ থকা মুঠ ১৪০০ পৰিয়ালৰ প্ৰায় ৩ হাজাৰ লোকৰ ভৱিষ্যৎ অন্ধকাৰৰ দিশে গতি কৰিছে। দুয়োটা কাগজ কল ইতিমধ্যে নিলামৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল যদিও কোনো প্ৰতিষ্ঠানে কাগজ কল দুয়োটা ক্ৰয় কৰাৰ ইচ্ছা প্ৰকাশ কৰা নাছিল।
২০২১ চনৰ মে’মাহত কাগজ কলৰ সম্পত্তিৰ নূন্যতম মূল্য ১১৩৯ কোটি টকা ধাৰ্য কৰা হৈছিল। কিন্তু যোৱা ১৫ ফেব্ৰুৱাৰী ২০২২ তাৰিখৰ নিলাম জাননী মতে সেই মূল্য কমাই ৪২৯ কোটি টকা কৰা হৈছিল।
উল্লেখ্য যে, নগাঁও আৰু কাছাৰ কাগজ কলৰ আছে ২০০০ একৰ মাটিসহ অত্যাধুনিক যন্ত্ৰপাতি। এই যন্ত্ৰপাতিসমূহ এতিয়াও বিকল হৈ যোৱা নাই। দুয়োটা কাগজ কলৰ অধীনত থকা ভূমিৰ মূল্যই বৰ্তমান সময়ত কেইবা হাজাৰ কোটি টকা হ’ব বুলি ধাৰণা কৰা হৈছিল।
কাগজ কল দুয়োটা বিক্ৰীৰ বাবে লোৱা সিদ্ধান্তৰ বিৰোধিতাৰ মাজতে এই দুয়োটা কল ৰাজ্য চৰকাৰকে ক্ৰয় কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল ৰাজ্যৰ বিভিন্নজন লোকৰ লগতে একাংশ সংগঠনেও। ইতিমধ্যে ৰাজ্য চৰকাৰে কাগজ কল দুটাৰ কৰ্মচাৰীৰ লগত বৈঠকত মিলিত হৈ তেওঁলোকক আদায় দিবলগীয়া ধন আদায় দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।
উল্লেখ্যে যে বিগত প্ৰায় ৬০ মাহতকৈ অধিক সময় ধৰি দৰমহা বন্ধ হৈ থকা শ্ৰমিকসকলৰ আৰ্থিক দিনতাৰ বাবেই ১০০ জনতৈ অধিক কৰ্মচাৰীৰ মৃত্যু হৈছে। সেয়েহে কেবিনেট বৈঠকত লোৱা আজিৰ এই সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।