অসমৰ পৰা বিলুপ্তি ঘটিল চাৰিখন জিলা। বিলুপ্তি ঘটা এই জিলা চাৰিখন হৈছে বিশ্বনাথ, হোজাই, বজালী আৰু তামুলপুৰ। দিল্লীত অনুষ্ঠিত কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
কেবিনেটৰ সিদ্ধান্ত অনুসৰি, বিশ্বনাথ জিলাক শোণিতপুৰৰ সৈতে একত্ৰীকৰণ কৰা হৈছে, বজালী জিলাক বৰপেটাৰ সৈতে সংলগ্ন কৰা হৈছে আৰু হোজাই জিলাক পুনৰ নগাঁৱৰ সৈতে সংলগ্ন কৰা হ’ল। আনহাতে, বিটিএডিৰ তামুলপুৰ জিলাক পুনৰ বাক্সা জিলাৰ সৈতে সংলগ্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটত। অৱশ্যে এয়া সাময়িক সিদ্ধান্ত বুলিও সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ৰাইজৰ স্বাৰ্থত, প্ৰশাসনৰ স্বাৰ্থত, অসমৰ ভৱিষ্যতৰ স্বাৰ্থত এই সিদ্ধান্ত ল’বলগীয়া হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।