শুকুৰবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত সিদ্ধান্তসমূহ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত সমূহ—–
- চিকিৎসা মহাবিদ্যালয়সমূহত ছয় জনগোষ্ঠীৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত।পূৰ্বতকৈ দুখন আসন বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ।প্রাক্তন সৈনিকৰ বাবে এম.বি.বি.এছ.ত পূৰ্বৰ ৩ খনৰ ঠাইত ৯ খন আসন বৃদ্ধি কৰা হ’ব।
- মেডিকেল কলেজৰ নিযুক্তিৰ বাবে বৃদ্ধি বয়সৰ সময়সীমা।আটাইকেইটা বিভাগৰ বাবে দুবছৰকৈ বৃদ্ধি কৰা হ’ব বয়সৰ সময়সীমা। জেনেৰেলৰ শ্ৰেণীৰ বাবে ৩৮ বছৰৰ পৰিৱৰ্তে ৪০ বছৰ, OBC, MOBCৰ বাবে ৪০ বছৰৰ পৰিৱৰ্তে ৪২ বছৰ বয়সৰ সময়সীমা বৃদ্ধি। আনহাতে, ST, SCৰ ৪৩ বছৰ পৰিৱৰ্তে ৪৫ বছৰলৈ বৃদ্ধি বয়সৰ সীমা। ফিছাৰী নিগমৰ অধীনৰ ফিছাৰীসমূহলৈ সৌৰ পেনেলৰ অনুমতি প্ৰদান APDCLক। এক চুক্তি সম্পন্ন কৰি ওপঙা সৌৰ শক্তি প্ৰকল্প স্থাপনৰ বাবে অসম মীন উন্নয়ন নিগম লিমিটেড (AFDCL)ৰ অধীনত বিলৰ ব্যৱহাৰকাৰী অধিকাৰ ৩০ বছৰৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL)লৈ স্থানান্তৰ।
- জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কামৰ বাবে ৪৬.৩৮ কোটি টকাৰ আবণ্টন। কামৰূপ, যোৰহাট, হাইলাকান্দিলৈ আগবঢ়োৱা হৈছে এই আবণ্টন। পূজাত অসম চাহ নিগমৰ বাগানৰ কৰ্মচাৰীলৈ ২০ শতাংশ বোনাচ। অসম চাহ নিগম লিমিটেডলৈ ইয়াৰ কৰ্মচাৰী–শ্ৰমিকক দুৰ্গা পূজাৰ বোনাছ প্ৰদানৰ বাবে ১৮.০২ কোটি টকা মুকলি।
-
গুণোৎসৱত এ গ্রেড পোৱা ৪,৮২৬খন স্কুললৈ ২৫হাজাৰ টকাৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ। চিটী গেছ ডিষ্ট্ৰিবিউচন পাইপলাইন (CGDP) স্থাপনৰ প্ৰক্ৰিয়াটো সুশৃংখলিত কৰিবলৈ উপায়ুক্তৰ জৰিয়তে সময় নিৰ্ধাৰিত পদ্ধতিৰে ৰাইট অব ৱেৰ বাবে খননৰ অনুমতি প্ৰদান কৰা হ’ব।
-
নীৰ নিৰ্মল পৰিযোজনা সূচাৰুৰূপে ৰূপায়ণৰ প্ৰতি লক্ষ্য ৰাখি ৩খন জিলা কামৰূপ (মহানগৰ), যোৰহাট আৰু হাইলাকান্দিত বৃহৎ মাল্টী–ভিলেজ আঁচনি সম্পূৰ্ণ কৰাৰ বাবে অতিৰিক্ত ৪৬.৩৮ কোটি আবণ্টন।
-
১২০.২ কোটি প্ৰস্তাৱিত বাজেটৰ সৈতে ৭ বছৰৰ বাবে অসম পশু খাদ্য মিছন স্থাপন কৰা হ’ব। ৪০,৯০০ হিতাধিকাৰীৰ প্ৰশিক্ষণ আৰু ক্ষমতা নিৰ্মাণ তথা অত্যাধুনিক খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত ৮৫ গৰাকী দুগ্ধ পালকৰ বাবে নিয়োগ সৃষ্টি। ঔদ্যোগিক উদ্দেশ্যৰে চক্ৰ বিষয়াসকলে কেৱল CGDP স্থাপনৰ বাবে ১০ বিঘা পৰ্যন্ত কৃষিভূমি পুনঃশ্ৰেণীভুক্ত তথা হস্তান্তৰকৰণ কৰিব পাৰিব। অক্টোবৰ ২০২২ৰ ভিতৰত ই ঋণদাতাসকলক অতিৰিক্ত পৰিমাণৰ ব্যৱস্থা অন্তৰ্ভুক্তিৰে প্ৰায় ১.০৭ লাখ হিতাধিকাৰীক সামৰি ল’ব আৰু ডিচেম্বৰ ২০২২ৰ ভিতৰত জিলা অনুসৰি হিতাধিকাৰীসকলক উদগনি ৰাশি প্ৰদান কৰা হ’ব। প্ৰয়োজনীয় বিত্তীয় অনুমোদনৰ সন্মতি প্ৰদান কৰাৰ বাবে বিদ্যমান নিৰ্দেশনাৱলীত ৬টা সংশোধনৰ সৈতে অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰা হ’ব।