লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ সন্দৰ্ভত আজি পুনৰ অনুষ্ঠিত হ’ব ৰাজ্যিক বিজেপিৰ এক গুৰুত্বপূৰ্ণ সভা। দিনৰ ১১ বজাৰ পৰা বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠি হ’বলগীয়া এই বৈঠকত দলটোৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি সকলো বিষয়ববীয়া উপস্থিত থাকিব।আনহাতে এই বৈঠকত অংশগ্ৰহণ কৰিব দলটোৱে ইতিমধ্যে ঘোষণা কৰা প্ৰতিগৰাকী প্ৰাৰ্থী। সেই অনুসৰি সৰ্বানন্দ সোণোৱাল, ৰঞ্জিত দত্ত, পৰিমল শুক্লবৈদ্য, বিজুলী কলিতা মেধি, দিলীপ শইকীয়া, তপন গগৈ, প্ৰদান বৰুৱাকে ধৰি ১১ টা লোকসভা সমষ্টিৰ প্ৰাৰ্থী উপস্থিত থাকিব।
ইফালে বিজেপিৰ প্ৰতিগৰাকী বিধায়কো এই বৈঠকত উপস্থিত থাকিব। এই বৈঠকখনতে আগন্তুক নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিৰ ৰণনীতি প্ৰস্তুত কৰি তুলিব। সমগ্ৰ দেশত এইবাৰ বিজেপিয়ে ৩৭০ খনৰো অধিক আসন লাভৰ বাবে লক্ষ্যস্থিৰ কৰিছে যদিও বিজেপিয়ে ”অবকি বাৰ চাৰশ পাৰ” শ্লোগান আৰম্ভ কৰিছে।