পাকিস্তানৰ ৰাজনীতিৰ বাবে আজি এক গুৰুত্বপূৰ্ণ দিন। পাকিস্তানৰ সংসদত প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে উত্থাপিত অনাস্থা প্ৰস্তাৱৰ ওপৰত আজি ভোটদান অনুষ্ঠিত হ’ব।
উল্লেখ্য যে, পাকিস্তানৰ কোনো প্ৰধানমন্ত্ৰীয়ে আজি পৰ্যন্ত নিজৰ কাৰ্যকাল শেষ কৰিবলৈ সক্ষম হোৱা নাই। ইমৰাণ খান তৃতীয়গৰাকী প্ৰধানমন্ত্ৰী যিয়ে অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হৈছে। উল্লেখ্য যে, ইমৰাণ খানৰ পাৰ্টী পাকিস্তান তহৰীক এ ইন্সাফ(পিটিআই)য়ে বিগত সপ্তাহতে ৩৪২ জনীয়া বিধানসভাত সংখ্যাগৰিষ্ঠতা হেৰুৱায়।