কুৱেইটৰ পিছত, এইবাৰ পাকিস্তানো পয়গম্বৰ বিতৰ্ক সন্দৰ্ভত সৰৱ হৈ পৰিছ। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে নূপুৰ শৰ্মাই হজৰত মহম্মদৰ ওপৰত কৰা বিতৰ্ক মন্তব্যৰ পাছতে ভাৰতীয় সামগ্ৰী বৰ্জনৰ আহ্বান জনাইছে। একে সময়তে, তেওঁ পাকিস্তান চৰকাৰক নতুন দিল্লীৰ সৈতে সকলো সম্পৰ্ক ছিন্ন কৰিবলৈ পৰামৰ্শ দিয়ে। ইমৰান খানে বিজেপিৰ মুখপাত্ৰ নূপুৰ শৰ্মাৰ পয়গম্বৰ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যক ক্ষোৰধাৰ সমালোচনা কৰিছে।
ইছলামাবাদত এখন উকীল সন্মিলনত ভাষণ দি তেওঁ পয়গম্বৰ বিতৰ্কৰ বাবে নতুন দিল্লীৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ পাকিস্তানৰ জনসাধাৰণক ভাৰতীয় সামগ্ৰী বৰ্জন কৰিবলৈও আহ্বান জনাইছিল। তেহৰিক-ই-ইনচাফ দলৰ মুৰব্বীয়ে পাকিস্তানৰ শ্বাহবাজ শ্বৰীফ চৰকাৰক সমালোচনা কৰাৰ লগতে তেওঁ শ্বাহবাজৰ চৰকাৰক আমদানি কৃত চৰকাৰ বুলি অভিহিত কৰিছিল। “মোদী চৰকাৰে ইচ্ছাকৃতভাৱে ভাৰতত বাস কৰা মুছলমানসকলৰ সৈতে উচতনিমূলক আৰু ঘৃণাৰ ৰাজনীতি কৰি আছে। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ইছলামিক সহযোগিতা সংগঠনক ভাৰতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আহ্বান জনায়। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ইতিমধ্যে তেওঁৰ বিতৰ্কিত মন্তব্যৰ বাবে ভাৰতক সমালোচনা কৰিছে।
Strongly condemn the hateful attack by a BJP spokesperson on our beloved Holy Prophet PBUH. Modi govt has been deliberately following a policy of provocation & hatred towards Muslims in India including inciting vigilante violence against them.
— Imran Khan (@ImranKhanPTI) June 5, 2022
এক টুইটযোগে তেওঁ কয়, “পয়গম্বৰ সম্পৰ্কে ভাৰতৰ বিজেপি নেতাৰ ক্ষতিকাৰক মন্তব্যক তীব্ৰ গৰিহণা দিছো। নৰেন্দ্ৰ মোডীৰ অধীনত ভাৰতত ধৰ্মীয় স্বাধীনতাক পদদলিত কৰা হৈছে। নিপীড়িতসকল হৈছে ইছলামৰ লোক। বিশ্বই প্ৰতিবাদ কৰা উচিত।” ইছলামাবাদে অনুভৱ কৰে যে, এই মন্তব্যই কেৱল পাকিস্তানৰ জনসাধাৰণেই নহয়, মুছলমানসকলৰ অনুভূতিক গভীৰভাৱে আঘাত কৰিছে।