লোকসভা নিৰ্বাচন সমাগত। ৰাজনৈতিক নেতা তথা দলসমূহ ব্যস্ত নিৰ্বাচনী প্ৰচাৰ অভিযানত। মৰিগাঁৱৰ লাহৰীঘাটত বৃহস্পতিবাৰে বিজেপি, অগপ, গণশক্তি আৰু UPPL মিত্ৰশক্তিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে, ‘আজি অসমত প্ৰায় ৮ বছৰ হ’ল বিজেপি দল শাসনত থকা। কেন্দ্ৰত ১০ বছৰ হ’ল বিজেপি দল শাসনত থকা। এই সময়ছোৱাত আমাৰ ডাবল ইঞ্জিনৰ চৰকাৰে অকল ৰাইজৰ কাৰণে কাম কৰিছে, অসমৰ উন্নয়নৰ বাবে কাম কৰিছে। আমি কাকো ভেদা-ভেদ কৰা নাই, উন্নয়নৰ পৰা কাকো বঞ্চিত কৰা নাই।’ তেওঁ আৰু কয় যে আমি সকলোৰে উন্নয়ন কৰিছো, সকলোৰে কাৰণে কাম কৰিছো। মন্ত্ৰী হাজৰীকাই সভাত সকলোৰে কাৰণে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
মন্ত্ৰী হাজৰীকাই কয় যে বিগত ৭০-৭৭ বছৰে আমি কাক ভোট দিছিলো, আমাৰ কাৰণে কোনে কাম নকৰিলে, আমাক কোনে অকল ঠগিলে, এই কথা-বতৰা বিলাক মোতকৈ আপোনালোকে ভালকৈ জানে। লাহৰীঘাটৰ মূল সমস্যা আছিল বানপানী-গৰাখহনীয়া। লাহৰীঘাটৰ ৰাস্তা-ঘাটৰো অৱস্থা তথৈৱচ আছিল। আমি লাহৰীঘাটৰ ৰাইজে ৪৫ বছৰে এটা পৰিয়ালৰে সদস্যক ভোট দি বিধানসভালৈ নিৰ্বাচিত কৰি আহিছিলো। কিন্তু তেওঁলোকে লাহৰীঘাটবাসীৰ এটা কামো নকৰিলে। কংগ্ৰেছে না মথাউৰি বনালে, না ৰাস্তা-ঘাট বনালে না বানপানী সমস্যা সমাধান কৰিলে। সেই বিশেষ পৰিয়ালটোৱে একো এটা কামো নকৰিলে বুলি কয়।
ইয়াৰ বিপৰীতে এই কামসমূহ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই, বিজেপি চৰকাৰে কৰা বুলি ভাষণত উল্লেখ কৰে। তেওঁ কয় যে ৰাইজৰ আশীৰ্বাদত তৃতীয়বাৰলৈ নিৰ্বাচিত হোৱাৰ পিছত মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁক জলসম্পদ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব দিলে। মন্ত্ৰী হোৱাৰ লগে লগে তেওঁ লাহৰীঘাটৰ ১৪ কিলোমিটাৰ মথাউৰি ছমাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰিছিল। ৬০ কোটি টকা খৰচ কৰি এই মথাউৰি নিৰ্মাণ কৰাৰ কাৰণে সমগ্ৰ মৰিগাঁও জিলাৰ ৯০ শতাংশ বানপানী আজি নাইকিয়া হৈ গ’ল বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত কয়।
কংগ্ৰেছে ৬০ বছৰে অসমখন চলালে, লাহাৰীঘাট কংগ্ৰেছ চলালে ৭০-৭৫ বছৰ আৰু ৪৫ বছৰে লাহৰীঘাট চলালে এটা পৰিয়ালে, কিন্তু তেওঁলোকে এই মথাউৰিৰ বাবে ৬০ কোটি টকা দিব নোৱাৰে। লগতে কয়, এই ৬০ কোটি টকা দিলে নৰেন্দ্ৰ মোদীৰ বিজেপিয়ে, হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিয়ে, এই ৬০ কোটি টকা আমি দিলো আৰু আমি আপোনালোকৰ বাবে কাম কৰিলো। তেওঁ কয় যে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে মৰিগাঁও জিলালৈ ৪৫০ কোটি টকা আবণ্টন কৰি আনিছে আৰু ইয়াৰে ৮০ শতাংশ কাম লাহৰীঘাটত হ’ব।
উল্লেখ্য যে ২৬ এপ্ৰিলত অসমত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। সভাত মন্ত্ৰী হাজৰীকাই বিজেপি, অগপ, গণশক্তি আৰু UPPL মিত্ৰশক্তিৰ প্ৰাৰ্থী সুৰেশ বৰাক পদুম ফুলৰ ছবিত ভোট দি জয়যুক্ত কৰাৰ লগতে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাত সহায় কৰিবলৈ আহ্বান জনায়। সভাত নগাঁও লোকসভাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰা, বিধায়ক ৰূপক শৰ্মা, জিলা সভাপতি প্ৰবীণ মেধি সহিতে মিত্ৰজোঁটৰ বিষয়ববীয়া, কাৰ্যকৰ্তাসকল উপস্থিত থাকে।