নতুন বছৰত ৰাজ্যবাসীক চৰকাৰে উপহাৰ দিব আৰু এখন টোলগেট। ইতিমধ্যে ৰাজ্যবাসীক পুনৰ মাধমাৰ দিবলৈ সাজু হৈছে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম। কলিয়াবৰৰ চুলুঙত নতুনকৈ নিৰ্মাণ কৰা হৈছে আৰু এখন টোলগেট আৰু এই টোলগেটখনৰ ইতিমধ্যে ৮০ শতাংশ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে।
সমাগত নৱবৰ্ষতে অসমবাসীক এই নতুন টোলগেটখন উপহাৰ দিবলৈ সাজু হৈছে চৰকাৰ। গতিকে অধিক ধন ভৰিবলৈ সাজু হওক নগাওঁ জিলাৰ কলিয়াবৰ হৈ তেজপুৰ দিশে যাত্ৰা কৰা বাহন আৰু তেজপুৰ পৰা কলিয়াবৰ হৈ ৰাজ্যৰ অন্য প্ৰান্তলৈ যাত্ৰা কৰা বাহনৰ গৰাকী।