কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই পুনৰ কৰ্মতৎপৰ হৈ সৰ্বানন্দ সোণোৱালে মন্ত্ৰালয়ৰ বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰালয়ৰ সচিব টি কে ৰামচন্দ্ৰন, সঞ্চালক, সহকাৰী শাখা বিষয়া, যুৱ পেছাদাৰী প্ৰমুখ্যে বিষয়াসকলৰ সৈতে তেখেতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় আৰু মন্ত্ৰালয়ৰ পৰৱৰ্তী ১০০ দিনৰ কাৰ্যকলাপৰ ৰ’ডমেপ নিৰ্ধাৰণ কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গদৰ্শনমৰ্মে বিগত দুবছৰত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ক দেশৰ আগশাৰীৰ কৰ্মঠ মন্ত্ৰালয়লৈ ৰূপান্তৰিত কৰা সৰ্বানন্দ সোণোৱালে মন্ত্ৰালয়টোক ন উদ্যমেৰে আগুৱাই নিবলৈ সহযোগিতামূলক আৰু স্বচ্ছ কৰ্ম পৰিৱেশ গঢ়ি তোলাত তেখেতৰ দৃঢ় প্ৰতিশ্ৰুতি পুনৰ দোহাৰে। মন্ত্ৰালয়ৰ বিষয়াসকলক কৰা প্ৰাৰম্ভিক সম্বোধনত সোণোৱালে মন্ত্ৰালয়ৰ লক্ষ্য সবল ৰূপত প্ৰাপ্ত কৰাৰ বাবে দক্ষ আৰু কাৰ্যকৰী প্ৰশাসনৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে।
“বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে দেশৰ আন্তঃগাঁথনি আৰু অৰ্থনৈতিক বিকাশ বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। পৰৱৰ্তী পাঁচ বছৰত আমাৰ মন্ত্ৰালয়ে বন্দৰবোৰৰ ক্ষমতা, মান আৰু প্ৰদৰ্শন বৃদ্ধি কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কৰি যাব। এই লক্ষ্যসমূহ প্ৰাপ্ত কৰাৰ বাবে আৰু দ্ৰুতগতিত বিকাশৰ যাত্ৰাক আগুৱাই নিয়াৰ বাবে আমাৰ বন্দৰসমূহক প্ৰতিযোগিতামূলক কৰি তোলাৰ লগতে অত্যাধুনিক প্ৰযুক্তি, বহনক্ষম পদ্ধতি আৰু কৌশলগত সহযোগিতা অৱলম্বন কৰা হ’ব”, সোণোৱালে কয়।
তেখেতে লগতে উল্লেখ কৰে, “প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমাৰ মন্ত্ৰালয়ে সামুদ্ৰিক তথা জলপথৰ ভৱিষ্যতৰ পথ প্ৰশস্ত কৰিব, যাৰ ফলত ভাৰতীয় বন্দৰসমূহ আমাৰ দেশৰ বাবে প্ৰগতি, সমৃদ্ধি আৰু সীমাহীন সুযোগৰ অনুঘটক হৈ পৰিব।” মঙলবাৰে অনুষ্ঠিত তেখেতৰ এইবাৰৰ প্ৰথম বৈঠকত সোণোৱালে মন্ত্ৰালয়ৰ পৰৱৰ্তী ১০০ দিনৰ লক্ষ্যসমূহো পৰ্যালোচনা কৰে। এই লক্ষ্যবোৰ মুখ্য পদক্ষেপবোৰৰ প্ৰগতি ত্বৰান্বিত কৰা, কাৰ্যকলাপবোৰ সুশৃংখলিত কৰা আৰু মন্ত্ৰালয়ৰ সামগ্ৰিক দক্ষতা বৃদ্ধি কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। ১০০ দিনীয়া এই আঁচনিৰ অধীনত মুখ্য বন্দৰসমূহৰ আধুনিকীকৰণ, আভ্যন্তৰীণ জলপথৰ ক্ষমতা তথা দক্ষতা বৃদ্ধি আৰু সামুদ্ৰিক শিক্ষা আৰু প্ৰশিক্ষণৰ প্ৰচাৰ-প্ৰসাৰৰ দৰে গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।
শেহতীয়াকৈ মন্ত্ৰালয়ে ২০টাতকৈও অধিক বিকশিত ভাৰত সংকল্প কোষ আৰু নীল আৰ্থ ভিজন ৰূপায়ণ কোষ স্থাপন কৰিছে। এই কোষবোৰে ট্ৰেফিক কাৰ্গ’, প্ৰকল্প, আঁচনি আৰু ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব; জাহাজ নিৰ্মাণ, মেৰামতি আৰু পুনৰ্ব্যৱহাৰ, সামুদ্ৰিক বিত্ত, প্ৰযুক্তি, আইনী আৰু এইচআৰ আদিৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিছে। এই কোষবোৰে সামুদ্ৰিক ভাৰত ভিজন ২০৩০ আৰু সামুদ্ৰিক অমৃতকাল ভিজন ২০৪৭ক ত্বৰান্বিত কৰিবলৈ বিভিন্ন দিশত কাম কৰিব আৰু মন্ত্ৰালয়ৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ কাৰ্যকৰী পৰ্যালোচনা আৰু ৰূপায়ণ নিশ্চিত কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সক্ৰিয় ভূমিকা আৰু স্পষ্ট দৃষ্টিভংগীয়ে মন্ত্ৰালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ মাজত নতুন কৰ্মোদ্যমৰ অনুভূতি জাগ্ৰত কৰিছে আৰু দেশৰ সামুদ্ৰিক খণ্ড, নীল অৰ্থনীতি তথা জলপথ খণ্ডক টনকিয়াল কৰি দেশৰ অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে দৃঢ় সংকল্পবদ্ধ হৈছে।