ৰাণী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৮ খন পঞ্চায়তৰ ভিতৰত ৫ খন কামৰূপ মহানগৰ আৰু ৩ খন কামৰূপ (গ্রাম্য) পঞ্চায়তে খণ্ড উন্নয়নটোৰ বিভিন্ন উন্নয়নমুলক কাম-কাজত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰি আহিছে। সেয়ে এই পঞ্চায়ত কেইখনৰ লগতে আঞ্চলিক পঞ্চায়ত আৰু জনসাধাৰণৰ সুবিধাৰ্থে ৰাণী উন্নয়ন খণ্ডত এটি নতুন কাৰ্য্যালয়গৃহ নিৰ্মাণ কৰা হয়। এম.জি.এন.আৰ. ই. জি.এ আঁচনিৰ ২০১৭-১৮ বিত্তীয় বৰ্ষৰ আৱণ্টিত ধনেৰে প্ৰায় ৪৯ লাখ টকা ব্যয়ৰে “ভাৰত নিৰ্মাণ ৰাজীৱ গান্ধী সেৱা কেন্দ্ৰ” (উন্নয়ন খণ্ড কাৰ্য্যালয়) ৰ লগতে পঞ্চদশ বিত্তীয় আয়োগ আৰু স্থানীয় পুঁজিৰ অধীনত ৰাণী উন্নয়ন খণ্ড চৌহদত থকা দোকান গৃহসমুহৰো আজি সমষ্টিটোৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে।
উক্ত কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিধায়কগৰাকীৰ লগতে এছ.আই.পি .ডি যুটীয়া সঞ্চালক পৱিত্ৰ কলিতা, ৰাণী উন্নয়ন খণ্ডৰ খণ্ড বিষয়া লালৰেম চিয়ামী গামলাই, সুভাষ শৰ্মা, ৰবিন দৈমাৰী, জগন্নাথ ঠাকুৰীয়া, বিনয় ৰাভা, গুণজিৎ ঠাকুৰীয়া আদিকে কৰি ৰাণী উন্নয়ন খণ্ডৰ বিষয়া-কৰ্মচাৰী, পঞ্চায়ত প্ৰতিনিধি আৰু স্থানীয় কেইবাখনো গাওঁৰ নাগৰিকসকল উপস্থিত থাকে।