পেট্ৰ’ল-ডিজেলৰ লগতে আন আন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পাছত, পুনৰ জনতাৰ মুৰত মাধমাৰ সোধাব ওলাইছে চৰকাৰে। ১ এপ্ৰিলৰ পৰা কাৰ্যকাৰী হোৱাকৈ ৰাজ্যৰ টোলগেটত টোলকৰ বৃদ্ধিৰ সিদ্ধান্ত লৈছে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰনে৷ ৰাজ্যৰ আন টোলগেটৰ সমান্তৰালকৈ ডবকাৰ মিকিৰআটী হাওঁগাওঁ টোলগেটটো বৃদ্ধি হ’ব কৰ৷ বৰ্তমানে যি সমূহ চাৰিচকীয়া ব্যক্তিগত বাহন এই টোলগেটেৰ মাজেৰে পাৰ হওঁতে ৮০ টকা দিব লগা হৈছে ১ এপ্ৰিলৰ পৰা সেই সমূহ বাহনে ৯০ টকা দি এই এই টোলগেটৰ মাজেৰে পাৰ হ’ব লাগিব৷
ইয়াৰ সমান্তৰালকৈ সৰু বানিজ্যিক বাহনে বৰ্তমানৰ ১৩০ টকাৰ পৰিবৰ্তে ১৪৫ টকা ,যাত্ৰীবাহী বাছ আৰু মালবাহী ট্ৰাক সমূহে ২৭৫ টকাৰ পৰিবৰ্তে ৩০৫ টকা দি এই টোলগেটৰ মাজেৰে পাৰ হ’ব লাগিব ৷ ইয়াৰ উপৰিওঁ টোলগেটৰ পৰা ২০ কিলোমিটাৰ ভিতৰত থকা স্থানীয় চাৰিচকীয়া বাহনৰ মালিক সকলে মাহেকীয়া হিচাপত বৰ্তমানে দি অহা টোল কৰ ২৮৫ টকাৰ পৰিবৰ্তে ৩১৫ টকা দিব লাগিব ৷ চৰকাৰে টোলকৰ বৃদ্ধি কৰাৰ লৈ জাঙুৰ খাই উঠিছে ডবকাৰ একাধিক দল সংগঠন৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কয় যে, বৰ্তমানে চৰকাৰে এই টোলগেটৰ জৰিয়তে অবৈধ ভাবে টোল কৰ সংগ্ৰহ কৰি আছে , কিয়নো চৰকাৰৰ মন্ত্ৰীয়েই ঘোষণা কৰিছে যে দুখন টোলগেটৰ মাজত নিম্নতম ব্যৱধান হ’ব লাগে ৬০ কিলোমিটাৰ৷ কিন্তু ডবকা আৰু ৰহা টোলগেটৰ মাজৰ দূৰত্ব মাথো ৪৭ কিলোমিটাৰহে, গতিকে চৰকাৰে এই গেটৰ জৰিয়তে অবৈধ ভাবে সংগ্ৰহ কৰি থকা টোলকৰ বন্ধ কৰিব লাগে৷
আছুৰ হোজাই জিলা সমিতিৰ উপ-সভাপতিয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বজাৰ সকলো বস্তুৰে মূ্ল্যবৃদ্ধি হৈছে পুনৰ সাধাৰন জনতাৰ মূৰত ৰামটাঙোন সোধাই টোলকৰ বৃদ্ধি কৰা কাৰ্য কোনো কাৰনতে মানি লোৱা নহ’ব বুলি কয় ৷ চৰকৰে যদি অতি সোনকালে এই সিদ্ধান্ত বাতিল নকৰে তেনেহ’লে ৰাজপথত আন্দোলন কৰাৰো ভাবুকি দিয়ে আছু নেতাগৰাকীয়ে ৷ ইয়াৰ সমান্তৰালকৈ কৃষক মুক্তিয়ে চৰকাৰৰ এই সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰিবৰ বাবে আহবান জনাইছে৷