নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত বানে তীব্ৰ ৰূপ ধাৰণ কৰিছে। বানে ৰুদ্ৰ ৰূপ ধাৰণ কৰা হাফলঙত এতিয়াও অব্যাহত আছে অবৰ্ণনীয় পৰিস্থিতি। ধাৰাসাৰ বৰষুণৰ ফলত খহিছে প্রকাণ্ড প্রকাণ্ড পাহাৰ।বৰ্তমানেও স্তব্ধ হৈ আছে যাতায়াত ব্যৱস্থা। ৰেলপথ সম্পূৰ্ণভাৱে বিধ্বস্ত হৈ পৰাত ৰেলসেৱা পুণৰাম্ভণিত অনিশ্চয়তা আহি পৰিছে।
তদুপৰি প্ৰায় দুদিন ধৰি বহিঃজগতৰে সংযোগ সম্পূৰ্ণ বিচ্ছিন্ন হৈ আছে হাফলং, জাতিংগাৰ। হাফলং-মাইবং পথত ভয়ংকৰ ভূমিস্খলনে জটিল ৰূপ ধাৰণ কৰিছে। সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ঘাইপথ। জন-জীৱন বিধ্বস্ত হৈ পৰাৰ লগতে তিনি-চাৰিদিনে ব্যাহত হৈ আছে বিদ্যুৎ সংযোগ।