বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে ট্টোপন্ত থেঙ্গাদি গৱেষণা প্ৰতিষ্ঠানৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে ডিবিটি(Direct Benefit Transfer )ৰ দৰে প্ৰণালীৰ দ্বাৰা প্ৰযুক্তি ব্যৱহাৰ কৰি ২ লাখ কোটি টকা ৰাহি কৰিছে।
বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে, ডিবিটিৰ অধীনত ধন পোনপটীয়াকৈ একাউন্টত পঠাব পাৰি। ইয়াত কোনো প্ৰৱঞ্চনাৰ সম্ভাৱনাও নাই। কাৰণ আধাৰ কাৰ্ডৰ লগতে অন্য তথ্য়ৰ সৈতে একাউন্টৰ সত্যাসত্যৰ প্ৰমাণ থাকে।