ভাৰত আৰু নেপালৰ মাজত সুমধুৰ সম্পৰ্ক অটুত ৰখাৰ উদ্দেশ্যে আৰু হিমালয় জাতিক স্বাস্থ্য আৰু শিক্ষা খণ্ডত নিজৰ আন্তঃগাঁথনি শক্তিশালী কৰাত সহায় আগবঢ়াবৰ বাবে ভাৰতে যোৱা দেওবাৰে নেপালক ৭৫খন এম্বুলেন্স আৰু ১৭খন স্কুল বাছ উপহাৰ দিয়ে ।
নেপালৰ শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ দেৱেন্দ্ৰ পৌডেলৰ উপস্থিতিত ভাৰতৰ নৱনিযুক্ত ৰাষ্ট্ৰদূত নবিন শ্ৰীবাস্তৱে বাহনসমূহৰ চাবি অৰ্পণ কৰে। ৭৫খন এম্বুলেঞ্চ উপহাৰ দিয়াটোৱে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাকে সূচাইছে বুলি ভাৰতীয় ৰাষ্ট্ৰদূত গৰাকীয়ে প্ৰকাশ কৰিছে। শ্ৰীবাস্তৱে কয় এম্বুলেন্স আৰু স্কুল বাছ উপহাৰ দিয়াটো দুয়োখন দেশৰে দীৰ্ঘদিনীয়া আৰু শক্তিশালী উন্নয়নৰ এক অংশ। নেপাল চৰকাৰৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্ৰচেষ্টাৰে , উন্নয়নয়ৰ বিভিন্ন কাৰ্যসূচীৰ অধীনত ভাৰত চৰকাৰৰ দীৰ্ঘদিনীয়া পৰম্পৰাসমূহৰ ভিতৰত এই পদক্ষেপো অন্যতম।
নেপালত ভাৰতে চলাই থকা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শলাগ লৈ পৌডেলে কয় এই পদক্ষেপসমূহে জনসাধাৰণৰ মাজত সংযোগ শক্তিশালী কৰাৰ লগতে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উন্নত কৰি তুলিব। আনহাতে নেপালৰ বিভিন্ন জিলাত স্বাস্থ্যসেৱা আৰু শিক্ষা খণ্ডত কৰ্মৰত বিভিন্ন চৰকাৰী বিভাগ আৰু বেচৰকাৰী সংস্থাক ৭৫খন এম্বুলেন্স আৰু ১৭খন স্কুল বাছ অৰ্পণ কৰা হ’ব বুলি ভাৰতীয় মিছনে প্ৰকাশ কৰিছে। ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়তো ভাৰতে ২০২১ চনত নেপালক ৩৯খন ভেণ্টিলেটৰে সজ্জিত এম্বুলেন্স উপহাৰ দিছিল। একেদৰে ২০২০ চনত মহাত্মা গান্ধীৰ ১৫১ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ভাৰতে নেপাললৈ ৪১ খন এম্বুলেন্স আৰু ৬ খন স্কুল বাছ উপহাৰ দিছিল।