ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিক সকলক ৰক্ষাৰ বাবে ভাৰতে অহৰহ চেষ্টা কৰি আছে আৰু এই সমগ্ৰ দিশটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্ব সহকাৰে পৰ্যবেক্ষণ কৰা দেখা গৈছে।
ইয়াৰ মাজতে ভাৰতীয় বায়ু সেনাক বিশেষ নিৰ্দেশ জাৰি কৰিছে প্ৰধানমন্ত্ৰী মোদীয়। অপাৰেশ্যন গংগাৰ অধীনত ইউক্ৰেইনৰ বিবাদমান এলেকাৰ পৰা ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰাত সহায়ৰ বাবে ভাৰতীয় বায়ু সেনাকো আহ্বান জনাইছে মোদীয়ে।
বায়ু সেনাই বিমানৰ লগত জড়িতৰ পৰা আৰম্ভ কৰি ভাৰতীয় সকল উভতি অহালৈ সকলো প্ৰক্ৰিয়ায়েই নিৰীক্ষণ কৰিব। ইয়াৰোপৰি ভাৰতৰ পৰা ইউক্ৰেইনলৈ নাগৰিকৰ সকলৰ বাবে সামগ্ৰীও প্ৰেৰণ কৰিব। ভাৰতীয় বায়ু সেনাৰ চি-১৭ বিমান আজি অপাৰেশ্যন গংগাৰ অধীনত ইউক্ৰেইনলৈ বুলি উৰা মাৰিব বুলি জানিব পৰা গৈছে।