ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণৰ কৰাৰ সময়তে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৰিছে এক বিশেষ মন্তব্য। তেওঁ কয় যে, ভাৰত হৈছে বিশ্বৰ একমাত্ৰ দেশ, যিখন দেশে কেতিয়াও কোনো ৰাষ্ট্ৰক আক্ৰমণ কৰা নাই আৰু বেলেগ দেশৰ এক ইঞ্চিও মাটি দখল কৰা নাই।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয়, ভাৰতৰ শক্তি কেৱল কল্যাণৰ বাবে, আত্মৰক্ষাৰ বাবে, আনক ভয় খোৱাবলৈ নহয়। দিল্লী বিশ্ববিদ্যালয়ৰ ৯৮সংখ্যক দীক্ষান্ত সমাৰোহত অংশ লৈ এই মন্তব্য কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। এই সমাৰোহত সহস্ৰাধিক শিক্ষাৰ্থীক প্ৰদান কৰা হয় ডিগ্ৰী।