আৰক্ষীৰ এন্টি নাৰ্কটিক স্কোৱাৰ্ডৰ জোৱানে গুলীয়াই আহত কৰা কীৰ্তি কমল বৰাৰ দেহৰ পৰা গুলী বাহিৰ কৰা হৈছে। গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন কীৰ্তি কমল বৰাৰ সোঁভৰিৰ আঠুৰ ওপৰত স্কোৱাৰ্ডৰ জোৱানে নাইন এম এম পিস্তলেৰে গুলীয়াই আহত কৰিছিল ৷
গুলী বাহিৰ কৰি কীৰ্তি কমলক আন এক অস্ত্ৰোপচাৰৰ বাবে সাজু কৰা হৈছে যদিও চিকিৎসাধীন যুবকজনৰ দেহত ক’ভিড ধৰা পৰিছে। কীৰ্তি কমল বৰাক গুলীওৱা ঘটনাক লৈ নগাঁৱৰ লগতে সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উল্লেখ্য যে, সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ গুৱাহাটীৰ পৰা নগাঁৱত উপস্থিত হ’ব বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং।