নতুন দিল্লীত অনুষ্ঠিত ১৮ সংখ্যক জি-২০ সন্মিলনৰ পূৰ্ব সপ্তাহত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে ভাৰতে ৯ আৰু ১০ ছেপ্টেম্বৰত অনুষ্ঠিতব্যএই সন্মিলনত অংশগ্ৰহণ কৰিবলগীয়া জ’ বাইডেন, ঋষি সুনাক, ইমানুৱেল মেক্ৰনৰ দৰেবিশ্ব নেতাসকল আৰু আন একাধিক প্ৰতিনিধিক আতিথ্য প্ৰদানৰ বাতৰি প্ৰচাৰ কৰিছিল। এই সন্মিলনৰ ঠিক পূৰ্বেএকাংশ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বস্তি অপসাৰণ, গণতন্ত্ৰৰ মৰ্য্যাদা, ভাৰতৰ অৰ্থনৈতিক বৈষম্য আদি বিষয়তো গুৰুত্ব আৰোপ কৰিছিল।
কিন্তু, নতুন দিল্লী ঘোষণাপত্ৰ গৃহীত হোৱাৰ পিছত প্ৰায় প্ৰতিখন গুৰুত্বপূৰ্ণ বাতৰি কাকত আৰু প্ৰতিটো টিভি নেটৱৰ্কে ইয়াক এক বৃহৎ সাফল্য বুলি প্ৰশংসাৰে সদস্য দেশসমূহৰ মাজত ঐকমত্য গঢ়ি তোলা কাৰ্য্যকপ্ৰধানমন্ত্ৰী মোদীৰ কূটনৈতিক জয় বুলি অভিহিত কৰে।
নতুন দিল্লী ঘোষণাপত্ৰ
আন্তঃৰাষ্ট্ৰীয় মিডিয়া চেন্টাৰত সমবেত সংবাদ মাধ্যমৰ লোকসকলেএই সন্মিলনৰ সম্ভাৱ্য ফলাফল সম্পৰ্কে আলোচনা কৰি থকাৰ সময়ত বৃহৎ এলইডি পৰ্দাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা ক্লিপ প্ৰচাৰ হৈ আছিল। ইয়াত তেখেতে কৈছিল, “ভাল খবৰটোএইমাত্ৰ আহিছে। আমাৰ টীমৰ কঠোৰ শ্ৰম আৰু আপোনালোকৰ সহযোগিতাৰে নতুন দিল্লী জি-২০ নেতা সন্মিলনৰ ঘোষণাক লৈঐক্যমততউপনীত হোৱা গৈছে… মই এই ঘোষণাপত্ৰ গ্ৰহণৰ প্ৰস্তাৱ জনাইছোঁ। মই ঘোষণাপত্ৰখন গ্ৰহণৰ কথা ঘোষণা কৰিছোঁ।”
বিবিচিয়ে ইয়াক “জি-২০ সন্মিলনত অভাৱনীয়ভাৱেবৃহৎ শিৰোনামৰ দিন” বুলি অভিহিত কৰে। ইউক্ৰেইনৰ যুদ্ধক লৈ গ্ৰুপটোৰ সদস্যসকলৰ মাজত হোৱা স্পষ্ট বিভাজনৰ প্ৰতি লক্ষ্য ৰাখি সন্মিলনৰ প্ৰথম দিনটোত যৌথ ঘোষণাৰ আশা কমেইহে আছিল বুলি উল্লেখেৰেবিবিচিয়ে কয়, “দিল্লী ঘোষণাক পশ্চিম আৰু ৰাছিয়া উভয়েই ইতিবাচক দিশ বিচাৰি উলিয়াব পৰাকৈ ডিজাইন কৰা যেন লাগে।“
দ্য নিউয়ৰ্ক টাইমছেএই ঘোষণাক যোৱা বৰ্ষত গৃহীত হোৱা বালি ঘোষণাপত্ৰৰপৰা“চকু-মুকলি কৰা প্ৰস্থান” বুলি অভিহিত কৰে।তেতিয়া বিশ্ব নেতাসকলে ইউক্ৰেইনক আক্ৰমণৰ বাবে ৰাছিয়াক দোষাৰোপ কৰিছিল।
চিকাগ’ ট্ৰিবিউনআৰুইউএছনিউজেএছ’চিয়েটেড প্ৰেছৰ বাতৰি প্ৰচাৰ কৰে এইবুলি, “জি-২০ সন্মিলনত বিভক্ত বিশ্ব শক্তিসমূহৰ মাজত ভাৰতৰ আপোচৰমনোভাৱৰ সঞ্চাৰমোদীৰ কূটনৈতিক জয়।“
দ্য ৱাশ্বিংটন প’ষ্টে কয়, “জি-২০ চুক্তিয়ে ইউক্ৰেইনক লৈ প্ৰবল মতভেদ আৰু গ্ল’বেল চাউথৰ বৰ্ধিত প্ৰভাৱক প্ৰতিফলিত কৰিছে।“ যুক্তৰাজ্যৰদ্যগাৰ্ডিয়ানেকৈছে, “ইউক্ৰেইন সন্দৰ্ভত জি-২০ৰ পানী-নসৰকা বিবৃতি ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ সাক্ষ্য।“ৱালষ্ট্ৰীটজাৰ্নেলেলিখিছে, “ভাৰতৰ উত্থানৰ লগে-লগে, জি-২০য়ে এক পৰিৱৰ্তনশীল বিশ্ব শৃংখলা উন্মুক্ত কৰে।“
বেইজিঙে নতুন দিল্লী ঘোষণাক প্ৰশংসা কৰি কয় যে জি-২০ ভূ-ৰাজনীতিৰ বাবে নহয়, ই অৰ্থনৈতিক বিষয়ৰ এটা সংস্থা। আল জাজিৰাই কয়, “ৰাছিয়াই সন্মিলন সমাপ্ত হোৱাৰ লগে-লগে ‘সন্তুলিত’ ঘোষণাক প্ৰশংসা কৰিছে।”
পৰ্যবেক্ষকসকলেনতুন দিল্লী সন্মিলনক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশ্ব মঞ্চত দেশখনৰ প্ৰভাৱ বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে গণ্য কৰিছে। ইয়াৰোপৰি,“ই যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনক তেওঁৰ আতিথ্য প্ৰদানকাৰীৰ সৈতে সম্পৰ্ক সুদৃঢ়কৰণৰ লগতে উন্নয়নশীল দেশসমূহেৰে যোগাযোগৰ সুযোগ প্ৰদান কৰে” বুলি হংকঙৰপৰা প্ৰকাশিত ছাউথ চাইনা মৰ্ণিং প’ষ্টেলিখিছে I
ৱাশ্বিংটন প’ষ্ট আৰু চিএনএনে ভাৰত – মধ্যপ্ৰাচ্য – ইউৰোপ অৰ্থনৈতিক কৰিডৰৰ ঘোষণাকো আলোকপাতেৰে ইয়াক “এটা অস্থিৰ অঞ্চলক অধিক সংযোগৰ লক্ষ্যৰে অভিলাষী প্ৰস্তাৱ আৰু বিশ্বজুৰি বৃহৎ আন্তঃগাঁথনি প্ৰকল্পসমূহক চীনে বছৰিআগবঢ়াই অহা সমৰ্থনক প্ৰতিহতকৰণ” বুলি অভিহিত কৰে।