ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া ইদাশিশা নংৰাংক মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) হিচাপে নিযুক্তি দিয়া হৈছে। এক চৰকাৰী জাননীত জনোৱা হৈছে যে, যেতিয়ালৈকে সম্পূৰ্ণ ডিজিপি নিযুক্তি নিদিয়া পৰ্যন্ত ইদাশিশা নংৰাং মেঘালয়ৰ কাৰ্যকৰী ডিজিপিৰ দায়িত্ব পালন কৰিব।
১৯৯২ বেটচৰ আইপিএছ বিষয়া ইদাশিশা নংৰাঙে বৰ্তমান মেঘালয় আৰক্ষীৰ বিশেষ ডিজি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
মেঘালয়ৰ এজন সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ আৰক্ষী সঞ্চালক প্ৰধানৰ নিযুক্তি অমীমাংসিত। সেয়েহে ৰাজহুৱা সেৱাৰ স্বাৰ্থত মেঘালয়ৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান আইপিএছ বিষয়া ইদাশিশা নংৰাঙক অস্থায়ীভাৱে মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয় চোৱাচিতা কৰিবলৈ অনুমতি দিয়া হৈছে বুলি ৰাজভৱনৰ ফালৰ পৰা জনোৱা হৈছে। উল্লখ্য যে নংৰাং হৈছে মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিয়ুক্তি লাভ কৰা প্ৰথমগৰাকী মহিলা।