বিগত কিছুদিন ধৰি ভূপেন বৰাক বিভিন্ন ধৰণে কটাক্ষ কৰা পৰিলক্ষিত হৈছে । APCCৰ সভাপতি ভূপেন বৰাক পুনৰ কটাক্ষ বিজেপিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ। ভূপেন বৰাক ৰাজনৈতিক জোকাৰ আখ্যা দিয়া হৈছে । বুধবাৰে নিশা বঙাইগাঁও পৌৰসভাত নিৰ্বাচন প্ৰচাৰ সভাত অংশ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কঠোৰ সমালোচনা কৰে জয়ন্ত মল্ল বৰুৱাই।
উল্লেখ্য যে, আজিৰ তাৰিখত কংগ্ৰেছ দল অসমত হিচাপত ল’বলগীয়া দল হিচাপে চিহ্নিত নহয় বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই লগতে তেওঁ কয়,‘‘এই কথাবোৰ জানি ভূপেন বৰাই গান, কবিতা আদিত মনোনিৱেশ কৰিছে। ৰাইজৰ সন্মুখত ভাষণ বা বক্তৃতা আদিৰে গুৰুত্ব লাভ নকৰে বাবে ৰাজনৈতিক নেতা হৈয়ো গান, কবিতাৰে সংবাদ মাধ্যমত ওলাই থাকিব বিচাৰিছে। জুবিন, পাপনে ভাল গীত গাই জনপ্ৰিয়তা লাভ কৰিছে, সেইদৰে ৰাজকুমাৰেও ফটুৱা কথাৰে জনপ্ৰিয় হ’বলৈ প্ৰয়াস কৰিছে৷ গতিকে ভূপেন বৰায়ো ইয়াকে কৰি গৈছে ৷ কিন্তু অসমৰ ৰাইজে ভূপেন বৰাক বৰ্তমান ৰাজনৈতিক জোকাৰ হিচাপে চিনি পায়।’’