অৱশেষত বৰপেটা সত্ৰ ন্যায়াধীশে আজি বিধায়ক জিগনেশ মেৱানীৰ জামিন মঞ্জুৰ কৰে। গুজৰাটৰ বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে। উল্লেখ্য যে, মহিলা আৰক্ষীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত দ্বিতীয়বাৰৰ বাবে অসমত গ্ৰেপ্তাৰ হৈছিল জিগনেশ মেৱানী।
প্ৰথমবাৰ অসম আৰক্ষীয়ে জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে কৰা এক বিতৰ্কিত টুইটৰ বাবে।