নাগালেণ্ডৰ মন জিলাৰ অটিঙত যোৱা ৪ আৰু ৫ ডিচেম্বৰত সেনাৰ ভুৱা সংঘৰ্ষত নিহত হোৱা ১২ গৰাকী ব্যক্তিৰ আত্মীয়লৈ নাগালেণ্ড চৰকাৰে শনিবাৰে চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰিছে। শনিবাৰে নাগালেণ্ড চৰকাৰৰ গৃহ আয়ুক্ত অভিজিত সিনহাই এক আদেশ যোগে মন জিলাৰ খালী থকা বিভিন্ন পদত এই নিযুক্তিত অনুমোদন দিয়ে। নাগালেণ্ড চৰকাৰে অটিঙৰ ঘটনাত সেনাৰ গুলীত নিহত হোৱা ফাওকামৰ পত্নী ফাছমাক টিজিতৰ জি এম এছত , ছামৱাঙৰ ভাতৃ খেইৱাঙক টিজিত , য়েনজঙৰ ভাতৃ ছামৱাঙক টিজিত এন এ পিত, লঙৱাঙ ভাতৃ নেনৱাঙ কন্যাকক টিজিত জি এইচ এছ এছ , নগামফোৰ ভাতৃ পাঙখাহ টিজিত এন এ পিত, থাপৱাঙ ভাতৃ মৈৱাঙক আবৈত, লংটুঙৰ ভাতৃ মছাক এন এ পিত, বিপুল কোঁৱৰৰ ভতিজী আখাওক জি এইছ এছ এছ নাগিনীমৰাত ,মনফেটৰ ভতিজা এছ ফানইক মন চহৰত, পাঙছে ভাতৃ এনপে জি এম এছৰ জাখপানত চতুৰ্থ শ্ৰেণীৰ পদত নিযুক্ত দিয়া হয়।
আনহাতে, অটিঙ সেনাৰ গুলীবৰ্ষণ ঘটনাৰ সেনা বাহিনীৰ কট অৱ ইনকুৱেৰি বাবে তদন্ত চলি থকা মেজৰ জেনেৰেল পৰ্যায়ৰ তদন্তৰ প্ৰতিবেদন দুই এদিনৰ ভিতৰত দাখিল কৰিব বুলি প্ৰকাশ কৰিছে সেনা বাহিনীৰ প্ৰধান জেনেৰেল এম এম নাৰাভানে। সেনা প্ৰধান গৰাকীয়ে প্ৰকাশ কৰা মতে যোৱা ৪ ডিচেম্বৰত নাগালেণ্ডৰ মন জিলাৰ অটিঙ হোৱা সেনাৰ গুলীবৰ্ষণৰ ঘটনা অত্যন্ত দুখঃজনক। তেওঁ কয় –১৪ গৰাকী নিৰীহ ব্যক্তি নিহত হোৱা ঘটনাৰ আইন অনুসৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।