গুৱাহাটীত অনুষ্ঠিত অসম তৃণমূল কংগ্ৰেছৰ এক সভাত সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে, তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক ব্যনাৰ্জীৰ নিৰাপত্তাৰক্ষীয়ে অশালীন ব্যৱহাৰ কৰিলে কৰ্তব্যৰত সাংবাদিকক। সাংবাদিকসকলক হতাহতি কৰি পশ্চিমবংগ আৰক্ষীয়ে কৰা দুৰ্ব্যৱহাৰক লৈ বৰ্তমান সৰ্বত্ৰে গৰিহণা আৰু নিন্দাৰ জোৱাৰ উঠিছে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক দুৰ্ব্যৱহাৰ কৰা বিষয়টো দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰো পৰিপন্থী।
অৱশ্যে, TMCৰ নেতা অভিষেক বেনাৰ্জীয়ে উক্ত ঘটনাৰ বাবে অৱশেষত সাংবাদিকসকলক ক্ষমা খুজিবলৈ বাধ্য হয়।