অসম চৰকাৰে কাজি নেমুক অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কাজি নেমুৰ সুগন্ধি আৰু এণ্টি-অক্সিডেণ্ট গুণাগুণে স্থানীয় ৰন্ধন প্ৰণালীক সমৃদ্ধ কৰিছে বুলি আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ফেচবুক পষ্টত জনাইছে।
‘আমাৰ চৰকাৰে কাজি নেমুক অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ অনন্য সুগন্ধি আৰু এণ্টি-অক্সিডেণ্ট গুণাগুণৰ সৈতে, অসমৰ কাজি নেমুৱে আমাৰ স্থানীয় ৰন্ধন প্ৰণালী সমৃদ্ধ কৰিছে।
আজিৰ এই ঘোষণাই বিশ্বব্যাপী ফলৰ মানচিত্ৰত কাজি নেমুক অধিক জিলিকাই তুলিবলৈ সাজু হৈছে, যাৰ ফলত আত্মনিৰ্ভৰশীল আৰু উৎপাদনো অধিক বৃদ্ধি হ’ব।
Our Government has decided to declare Kaji Nemu (Citrus Limon) as the State Fruit of Assam. With its unique aroma & antioxidant properties, Assam lemon has enriched our local cuisines.
With today’s announcement, it is set to shine on the global fruit map, boosting self-dependency & production.’