অসমৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা AIUDFৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৰা বক্তব্য আৰু হিন্দু বিবাহ সম্পৰ্কে কৰা বিতৰ্কিত বক্তব্যক বড়ো সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা প্ৰাক্তন উপ-সভাপতি কমলাকান্ত মুছাহাৰীয়ে তীব্ৰ গৰিহণা দিছে।
তেওঁ কয় যে মৌলানাৰ দৰে ইছলাম ধৰ্মীয় উচ্চ আসনত উপবিষ্ট, ভাৰতীয় সংবিধানৰ নামত শপত গ্ৰহণ কৰি ধুবুৰী সমষ্টিৰ সাংসদ পদত অধিষ্ঠিত হোৱা আৰু AIUDFৰ দৰে ভাৰতৰ নিৰ্বাচন আয়োগৰ পঞ্জীয়নভূক্ত দলৰ সভাপতি পদত থাকি অসমৰ মুখ্যমন্ত্ৰী আৰু হিন্দুসকলৰ বিবাহ সম্পৰ্কে বিতৰ্কিত বক্তব্য ৰখাৰ পিছত তেওঁ কোনো ধৰণৰ সাংবিধানিক, সামাজিক আৰু ৰাজহুৱা জীৱনত থকাৰ নৈতিক অধিকাৰ নাই।
যিজন ইছলাম ধৰ্মীয় মৌলানা, ভাৰতীয় সংবিধানৰ শপত লোৱা এজন সাংসদ, ভাৰতীয় নিৰ্বাচনী আয়োগৰ স্বীকৃতি পোৱা ৰাজনৈতিক দলৰ সভাপতি হৈও অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ৪/৫ জনী ছোৱালীক পলুৱাই নি লাভ জেহাদ কৰিবলৈ বক্তব্য দিয়াটো অক্ষমনীয় অপৰাধ। তেওঁৰ এই অশালীনতাৰ চৰম সীমা চেৰাই যোৱা বক্তব্যৰ মাজেৰে মৌলানা বদৰুদ্দিন আজমলে ভাৰতীয় সংবিধানক অৱনমিত কৰিছে, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনখন চৰম ভাবে অপমানিত কৰিছে, ভাৰতৰ পৰম্পৰাগত হিন্দু ধৰ্মীয় ৰীতি – নীতি, হিন্দু সমাজক চৰম অপমানিত কৰিছে আৰু মৌলানা বদৰুদ্দিন আজমলে নিজকে মানসিক ভাবে বিকৃত লোক হিচাপে পৰিচয় দিলে বুলিও তেওঁ উল্লেখ কৰে।
মৌলানা বদৰুদ্দিন আজমলে অতি সোনকালেই সকলোবোৰ সাংবিধানিক, সামাজিক, ধৰ্মীয় আৰু ৰাজহুৱা জীৱনৰ পৰা অব্যাহতি লোৱা দৰকাৰ বুলি উল্লেখ কৰি লগতে মুছাহাৰীয়ে পুনৰ মন্তব্য কৰে – তেখেতৰ নিচিনা লোক সাংবিধানিক, সামাজিক, ধৰ্মীয় আৰু ৰাজহুৱা জীৱনৰ পদত থাকিলে দেশ, সমাজ, ধৰ্মীয় অনুষ্ঠান সকলো ধ্বংস কৰি পেলাব। গতিকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি কলিতে মৌলানা বদৰুদ্দিন আজমলৰ দৰে বিকৃত মানসিকতাৰ লোকক নিয়ন্ত্ৰণ কৰাৰ বাবে সাংবিধানিক আৰু আইনী ব্যৱস্থা নলয় অসম আৰু অসমীয়াৰ ভৱিষ্যত অন্ধকাৰ আৰু কুলষিত কৰিব।
অসম চৰকাৰে উচিত কঠোৰ সাংবিধানিক আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰ আৰু ভাৰত চৰকাৰক বড়ো সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু প্ৰাক্তন উপ-সভাপতি শ্ৰী কমলাকান্ত মুছাহাৰীয়ে দাবী জনায়।