আজি কাৰ্গিল বিজয় দিৱস। ১৯৯৯ চনৰ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধত ভাৰতে পাকিস্তানক পৰাজয় কৰি উৰুৱাইছিল বিজয়ৰ ধ্বজা। তেতিয়াৰ পৰাই প্ৰতি বছৰে ২৬ জুলাইৰ দিনটোক কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰি অহা হৈছে।
পাকিস্তানৰ বিৰুদ্ধে দেশ মাতৃক ৰক্ষা কৰিবৰ বাবে যুদ্ধত নামি পৰা দেশৰ বহু বীৰ জোৱান ছহিদ হৈছিল। এই কাৰ্গিল যুদ্ধতে আমাৰ অসমৰ এজন বীৰ যুদ্ধা জিণ্টু গগৈ ছহিদ হৈছিল। গোলাঘাট জিলাৰ খুমটাইত জিণ্টু গগৈৰ জন্ম হৈছিল আৰু তেওঁ ১৭ নং গাড়ৱাল ৰাইফলছৰ কেপ্টেইন আছিল। প্ৰায় দুমাহ ধৰি চলা এই যুদ্ধক ভাৰতীয় সেনাৰ এই অভিযানক নাম দিয়া হৈছিল অপাৰেচন বিজয়।
কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি শীৰ্ষ নেতাসকলে টুইটাৰৰ জৰিয়তে অভিনন্দন জ্ঞাপন কৰিছে।
कारगिल विजय दिवस मां भारती की आन-बान और शान का प्रतीक है। इस अवसर पर मातृभूमि की रक्षा में पराक्रम की पराकाष्ठा करने वाले देश के सभी साहसी सपूतों को मेरा शत-शत नमन। जय हिंद! pic.twitter.com/wIHyTrNPMU
— Narendra Modi (@narendramodi) July 26, 2022
নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে টুইটাৰত লিখিছে- কাৰ্গিল বিজয় দিৱসে আমাৰ সশস্ত্ৰ বাহিনীৰ অসাধাৰণ বীৰত্ব, পৰাক্ৰম আৰু সংকল্পক চিহ্নিত কৰে। মই সকলো সাহসী সৈনিকক নমস্কাৰ জনাইছো যিয়ে ভাৰত মাতৃক সুৰক্ষা দিবলৈ প্ৰাণ দিছিল। সকলো দেশবাসী সদায় তেওঁলোক আৰু তেওঁলোকৰ পৰিয়ালৰ ওচৰত ঋণী হৈ থাকিব। জয় হিন্দ!
कारगिल विजय दिवस हमारे सशस्त्र बलों की असाधारण वीरता, पराक्रम और दृढ़ संकल्प का प्रतीक है। भारत माता की रक्षा के लिए अपने प्राण न्योछावर करने वाले सभी वीर सैनिकों को मैं नमन करती हूं। सभी देशवासी, उनके और उनके परिवारजनों के प्रति सदैव ऋणी रहेंगे। जय हिन्द!
— President of India (@rashtrapatibhvn) July 26, 2022