অৱশেষত কংগ্ৰেছৰ হাতলৈ কৰ্ণাটক। পিছে নিৰ্বাচনত জয়ী হ’লেও চিন্তাই শাম কটা নাই কংগ্ৰেছৰ। কিয়নো এতিয়ালৈ মুখ্যমন্ত্ৰী কোন হ’ব সেই সিদ্ধান্তই ল’ব পৰা নাই কংগ্ৰেছে । যাৰ ফলত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভৰ পাছতো চিন্তিত দলৰ শীৰ্ষৰ নেতাসকল। আগন্তুক সপ্তাহতেই মুখ্যমন্ত্ৰী তথা চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান আয়োজন কৰাৰ পক্ষত কংগ্ৰেছ। কিয়নো সময় যোৱাৰ সৈতেই বৃদ্ধি পাব দলীয় অসন্তুষ্টি-বিসম্বাদ।
পিছে কোন হ’ব মুখ্যমন্ত্ৰী ? প্ৰাক্তন মুখ্যমন্ত্ৰী ছিদ্দাৰামায়া নে প্ৰভাৱশালী নেতা ডি কে শিৱকুমাৰ ? সেই দায়িত্ব সমৰ্পন কৰা হ’ল দলীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেক। মল্লিকাৰ্জুন খাৰ্গেৰ নেতৃত্বত এটি দলে আজি ঘোষণা কৰিব কৰ্ণাটকৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ নাম।
আনহাতে, এই ক্ষেত্ৰত কংগ্ৰেছৰ কৰ্ণাটকৰ ৰাজ্যিক সভাপতি ডি কে শিৱকুমাৰে দিয়া এক মন্তব্যই এতিয়া বৃহৎ তাৎপৰ্য বহন কৰিছে। নেতাগৰাকীৰ মতে, পূৰ্বে তেওঁ ছিদ্দাৰামায়ালৈ সমৰ্থন আগবঢ়াইছিল আৰু এইবাৰ ছিদ্দাৰামায়াই তেওঁলৈ সমৰ্থন আগবঢ়াব বুলি আশাবাদী।