২১ মাৰ্চত দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল বিমুখ হ’ল দিল্লী উচ্চ ন্যায়ালয়ত। শনিবাৰে দিল্লী উচ্চ ন্যায়ালয়ত অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰ আৰু ৰাইউচ এভিনিউ আদলতে ২৮ মাৰ্চলৈকে EDৰ জিম্মালৈ প্ৰেৰণ কৰা নিৰ্দেশক প্ৰত্যাহ্বান জনাই জৰুৰী শুনানিৰ বাবে এক আৱেদন দাখিল কৰিছিল কেজৰিৱালৰ আইনী দলে।
কিন্তু ন্যায়ালয়ে এই আৱেদন অগ্ৰাহ্য কৰি বিষয়টো জৰুৰী শুনানিৰ বাবে অস্বীকাৰ কৰে। ইয়াৰ ফলত এই আৱেদনৰ শুনানি অহা বুধবাৰেহে ন্যায়ালয়ৰ কাৰ্যসূচীৰ তালিকাভুক্ত হ’ব। কিয়নো ২৪ মাৰ্চ দেওবাৰ হোৱাৰ বিপৰীতে ২৫ আৰু ২৬ মাৰ্চত হলি উপলক্ষে ন্যায়ালয় বন্ধ থাকিব।
উল্লেখ্য যে, দিল্লীৰ বহু চৰ্চিত সুৰা কেলেংকাৰী গোচৰত অৰবিন্দ কেজেৰিৱালক প্ৰত্যক্ষভাৱে দোষাৰোপ কৰিছে ইডিয়ে। ইডিৰ দাবী দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী ২০২২ ৰ গোৱাৰ নিৰ্বাচনত আম আদমি পাৰ্টিৰ প্ৰচাৰত অপৰাধৰ দ্বাৰা আৰ্জিত ধন ব্যৱহাৰত প্ৰত্যক্ষভাৱে জড়িত আছিল। তদুপৰি EDয়ে দৃঢ়তাৰে ন্যায়ালয়ত কৈছিল, কেজৰিৱাল দিল্লীৰ সুৰা নীতি কেলেংকৰীৰ মূল ব্যক্তি, মূখ্য ষড়যন্ত্ৰকাৰী। তেওঁ দিল্লীৰ আন মন্ত্ৰী আৰু AAP নেতাৰ সহযোগত এই কেলেংকাৰী কৰিছে।
EDৰ দাবী অৰবিন্দ কেজৰিৱালে তেওঁৰ মুখ্যমন্ত্ৰীৰ পদবী ব্যৱহাৰ কৰি মানি লণ্ডাৰিং কাৰ্যকলাপ কৰিছিল। উল্লেখ্য দিল্লীৰ সুৰা নীতিৰ অনিয়মৰ অভিযোগ সন্দৰ্ভত চি বি আইয়ে ১৭ আগষ্ট, ২০২২ ত এক গোচৰ পঞ্জীয়ন কৰিছিল। এই গোচৰ পৰৱৰ্তী সময়ত ইডিয়ে নিজৰ অধীনলৈ আনে আৰু ধন ৰপ্তানিৰ তদন্ত আৰম্ভ কৰে। এই গোচৰ ২০২২ৰ ২০ জুলাইত লেফটেণ্ট গৰ্ভণৰ ভি কে ছাক্সেনাই দাখিল কৰা অভিযোগৰ ভিত্তিত পঞ্জীয়ন কৰা হৈছিল।