দেশত, বুধবাৰে ঘোষিত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত প্ৰধান বিৰোধী দল কংগ্ৰেছৰ পতন একপ্ৰকাৰ নিশ্চিত হ’ল ৷ ৰাষ্ট্ৰীয় ৰাজনীতিত কংগ্ৰেছৰ স্থান কোনে ল’ব বা অনাগত দিনত বিজেপিৰ বিকল্প কোন হ’ব তাৰ চৰ্চা আৰম্ভ হোৱাৰ সময়তে পঞ্জাৱত চমকপ্ৰদ বিজয় সাব্যস্ত কৰি আপে ভৱিষ্যতে কংগ্ৰেছৰ স্থান লোৱাৰ ইংগিত দিলে৷ ২০২৪ৰ লোকসভা নিৰ্বাচনত নহ’লেও অন্ততঃ ২০২৯ত কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তথা বিজেপিক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ’ব বুলিও বৰ্তমান চৰ্চা চলিছে৷
ৰাজনৈতিক উত্থানৰ দিশৰ পৰা চাবলৈ গ’লে এই চৰ্চা অমূলক নহয়। কাৰণ বৰ্তমান সময়ত বিজেপিক বাদ দি দুই বা ততোধিক ৰাজ্যত শাসন চলোৱা দল দুটা হৈছে কংগ্ৰেছ আৰু আপ৷ কংগ্ৰেছ দলটো ৰাজস্থান আৰু চত্তিছগড়ত শাসনত থকাৰ বিপৰীতে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত অংশীদাৰ হিচাপে আছে৷ আনহাতে, আপৰ হাতত আছে ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ দিল্লী আৰু পঞ্জাৱ৷
অনাগত নিৰ্বাচনত আপে হাৰিয়ানা, গুজৰাট, হিমাচল প্ৰদেশ আৰু কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ সিদ্ধান্ত লৈছে। হাৰিয়ানাত পূৰ্বৰে পৰা আপৰ সাংগঠনিক স্থিতি আছে আৰু গুজৰাটৰ শেহতীয়া পৌৰ নিৰ্বাচনত আপে চমকপ্ৰদ ফলাফল আগবঢ়াইছিল৷ এই দুয়োখন ৰাজ্যত যদি নিজক বিকল্প হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে তেন্তে ইয়াতো কংগ্ৰেছৰ স্থান আপে দখল কৰিব পাৰে ৷
দেশৰ প্ৰধান বিৰোধী দল হোৱাৰ বাবে আপে চলোৱা এই ছিৰিয়াছ প্ৰস্তুতি কিন্তু মাত্ৰ ৫ বছৰ আগত পঞ্জাৱতে বাধাগ্ৰস্ত হৈছিল৷ ২০১৪চনত যেতিয়া মোডী ঢৌ চলিছিল তেতিয়াই আপে পঞ্জাৱত চাৰিখন লোকসভা আসন জয় কৰিছিল। সেই গণভিত্তিৰ বাবে বিগত ২০১৭ৰ বিধানসভা নিৰ্বাচনত আপ কংগ্ৰেছৰ প্ৰধান প্ৰতিদ্বন্দ্বী হৈ পৰিছিল, কিন্তু শেষত মাত্ৰ ২০ খন আসনতে আপ সন্তুষ্ট থাকিব লগা হৈছিল।
২০১৭ত পঞ্জাৱত আপ বিফল হোৱাৰ প্ৰধান কাৰণসমূহ হ’ল, কেজৰিৱালকে ধৰি দিল্লীৰ নেতৃবৰ্গক আগস্থান দিয়া, স্থানীয় নেতাসকলক অৱজ্ঞা কৰা, উগ্ৰবাদীৰে সম্পৰ্ক থকাৰ অভিযোগ আৰু মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ঘোষণা নকৰা আদি। অৱশ্যে, শিৰোমণি আকালি দলক চেৰাই প্ৰধান বিৰোধী দল আপেই হৈছিল আৰু কেজৰিৱালে তেতিয়াৰে পৰাই ২০২২ৰ প্ৰস্তুতি আৰম্ভ কৰিছিল ৷
গণভিত্তি আছিলেই। প্ৰয়োজন আছিল ৰণনীতিৰ ৷ এইবাৰ দিল্লীৰ পৰা নিয়া নেতা বা কেজৰিৱালৰ ভাৱমূৰ্ত্তি ব্যৱহাৰৰ সলনি স্থানীয় ভাৱমূৰ্ত্তি নিৰ্মাণত গুৰুত্ব দিয়া হৈছিল ৷ দিল্লীৰ নেতাসকলক লাইমলাইটৰপৰা আঁতৰি থাকিবলৈ কাঢ়া নিৰ্দেশ দিয়া হৈছিল৷ উগ্ৰবাদৰ সৈতে জড়িত বুলি অভিযোগ উঠা লোকৰ পৰা দূৰত্ব ৰখা হৈছিল আৰু মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰা হৈছিল জনপ্ৰিয় নেতা তথা কমেডিয়ান ভগৱন্ত মানক। এই ৰণকৌশলে কিদৰে চমক দিলে সেয়া সকলোৱে দেখিলে৷
আভ্যন্তৰীণ যুঁজবাগৰত জৰ্জৰিত শাসকীয় কংগ্ৰেছক ধূলিসাৎ কৰি দলটোৱে লাভ কৰিলে ৯২ খন আসন। পঞ্জাৱৰ ইতিহাসত এটা দলৰ বাবে এয়া সৰ্বকালৰ সৰ্বাধিক৷ নিঃসন্দেহে দিল্লীৰ দৰে উন্নত ৰাজহ সমৃদ্ধ ৰাজ্য যাৰ আইন শৃংখলা ৰক্ষাৰ দায়িত্বও ৰাজ্য চৰকাৰৰ নহয়, তেনে ৰাজ্য শাসনৰ কথা বেলেগ৷ আৰু পঞ্জাৱৰ দৰে ধাৰত পোত যোৱা, কৃষক বিদ্ৰোহকে ধৰি বিভিন্ন প্ৰত্যাহ্বানৰ মাজত থকা ৰাজ্য এখন শাসন কৰাও বেলেগ। পঞ্জাৱৰ প্ৰশাসন আপৰ লগতে কেজৰিৱালৰ বাবে হ’ব লিটমাছ টেষ্ট।
যদি ইয়াত দলটো সফল হয় আৰু ২০২৪ৰ আগত গুজৰাটৰ দৰে ৰাজ্যত নিজৰ স্থিতি সবল কৰে তেন্তে আপ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিজেপিৰ প্ৰধান প্ৰত্যাহ্বান হোৱাত আৰু এখোজ আগবাঢ়িব৷ আপে ২০১৩ত এক বিদ্ৰোহী বাঁও মধ্যমপন্থী দল হিচাপে যাত্ৰা আৰম্ভ কৰিছিল৷ কিন্তু শেহতীয়াকৈ দলটোৱে কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল, দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষ আদি বিষয়ত লোৱা স্থিতিয়ে প্ৰমাণ কৰিছে যে ই এক নিৰাপদ মধ্যমপন্থা লোৱাৰ চেষ্টা চলাইছে৷
কেজৰিৱালে নিজক হিন্দু বুলি জাহিৰ কৰাৰ লগতে মুছলমান তোষণকাৰী বুলি থকা অভিযোগৰ পৰা মুক্ত হোৱাৰ স্পষ্ট চেষ্টাও দেখা গৈছে৷ বিজেপিৰ সংখ্যাগৰিষ্ঠতাবাদী ৰাজনীতিৰ লগত প্ৰত্যক্ষ সংঘাতে ভোটত বিৰূপ প্ৰভাৱ পেলায় সেয়া বুজি কেজৰিৱালে এই নিৰাপদ পথ লৈছে। তাৰ সলনি শিক্ষা আৰু স্বাস্থ্যৰ দৰে মৌলিক বিষয় উত্থাপন কৰি নিজক ধৰ্ম আৰু জাতপাতৰ ঊৰ্দ্ধৰ ৰাজনৈতিক নেতা বুলি উপস্থাপন কৰিব বিচাৰিছে। তেওঁৰ মুখত ‘ভাৰত মাতা কী জয়’ আৰু ‘ইনকিলাব জিন্দাবাদ’ দুয়োটা ধ্বনি শুনা যায়। তেওঁৰ লক্ষ্য হৈছে, কংগ্ৰেছ আৰু বিজেপিৰ পৰম্পৰাগত ৰাজনীতিয়ে খালী কৰি ৰখা উন্নয়নমুখী নেতাৰ স্থান লোৱা আৰু ক্ৰমাৎ একঘেমীয়া ৰাজনীতিত বিতুষ্ট নতুন প্ৰজন্মৰ সমৰ্থনত ২০২৪ত নহ’লেও ২০২৯ত দেশৰ প্ৰধানমন্ত্ৰী পদৰ শক্তিশালী দাবীদাৰ হোৱা। কেজৰিৱাল যে প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ সেয়া আপে মুকলিকৈ য়ে প্ৰকাশ কৰিছে।
পঞ্জাৱৰ বৃহৎ জয়ে কেজৰিৱালক নতুন উৎসাহ দিছে। মমতা বেনাৰ্জী, এম কে ষ্টেলিন, অখিলেশ যাদৱৰ দৰে উচ্চাকাংক্ষী আঞ্চলিক বিৰোধী নেতৃবৰ্গই সহজে কেজৰিৱালক মানি নোলোৱাটো স্বাভাৱিক। প্ৰকৃতাৰ্থত প্ৰধানমন্ত্ৰীৰ দাবীদাৰ হ’বলৈ কেজৰিৱালৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান আছে, কিন্তু বৰ্তমান সময়ত মোডীৰ অশ্বমেধ ৰুধিবলৈ কেজৰিৱালেই বিৰোধীৰ সবাতোকৈ শক্তিশালী যোদ্ধা হিচাপে পৰিণত হৈছে।